নিউজ ডেস্ক, ১৩ জুন : বিগত ২২ মে’ ত ঘোষণা কৰা হৈছিল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ৰাজ্যৰ মুঠ ৯১২ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ পেপাৰ লিক হোৱাৰ বাবে তাৎক্ষণিকভাৱে পৰীক্ষা বাতিল হোৱাকলৈ বিভিন্ন পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱালৈকে নানান উৎকণ্ঠাৰ মাজেৰে পাৰ হয় চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷
শেহতীয়াকৈ ঘোষণা কৰা হৈছে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ৷ আগন্তুক ৪ জুলাইৰ পৰা ৮ জুলাইলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ ৷ ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে পৰীক্ষাৰ সময়সূচী ৷
পৰীক্ষাসূচী এনেধৰণৰ-
৪ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈকে অনুষ্ঠিত হ'ব মাতৃভাষাৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ভূগোল আৰু সংস্কৃত বিষয়ৰ পৰীক্ষা ।