গুৱাহাটী, 28 জুলাই : সীমাহীন বাদানুবাদ, বহু চৰ্চা, বিতৰ্ক আদিৰ অন্তত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC), হাই মাদ্ৰাছা (Madrasa) আৰু উচ্চতৰ মাধ্যমিক (HS)ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ বাবে সাজু হৈছে ছেবা (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) । সেই অনুসৰি 30 জুলাইত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বিপৰীতে 31 জুলাইত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল । 30 জুলাইৰ দিনৰ 11 বজাত ৱেবচাইট (Website) যোগে ছেবাই ঘোষণা কৰিব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল ।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে সৰ্বমুঠ 4,38,828 গৰাকী পৰীক্ষাৰ্থী । আনহাতে, উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 2,49,812 গৰাকী । ইয়াৰে 38,430 গৰাকী বিজ্ঞান শাখা (Science Stream)ত, 1,91,855 গৰাকী কলা শাখা (Arts Stream)ত আৰু 18,432 গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখা (Commerce Stream)ত অৱতীৰ্ণ হৈছে । বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে 1,081 গৰাকী পৰীক্ষাৰ্থী ।