অসম

assam

ETV Bharat / state

৬ জুনত ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল - HSLC and High madrasa result 2020

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ বাবে সাজু হৈছে ছেবা। ৬ জুনত ফলাফল ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। প্ৰথমবাৰৰ বাবে কেৱল ডিজিটেল মাধ্যমৰে ফলাফল ঘোষণা কৰা হ'ব এইবাৰ।

HSLC and High madrasa result will announce 6 june
৬ জুনত ফলাফল ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

By

Published : Jun 1, 2020, 6:54 PM IST

গুৱাহাটী, 1 জুন : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশজুৰি চতুৰ্থ পৰ্যায়ৰ লক​ ডাউন অব্যাহত থকাৰ মাজতে আগন্তুক ৬ জুনত ঘোষণা কৰা হ'ব ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ ঘৰতে বহি ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে। বিশেষ মোবাইল এপ আৰু ১৪টা ৱেবচাইটৰ জৰিয়তে শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ৰোল নম্বৰ,চেণ্টাৰ নম্বৰ আৰু এডমিটত কাৰ্ডত থকা জন্মৰ তাৰিখ জমা কৰি পৰীক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে ৷

৬ জুনত ফলাফল ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
লগতে পঢ়কঃআৰ্থিক সংকটত বৰপেটাৰ ভাই ভাই শালঘৰ বস্ত্ৰ উদ্যোগহাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত স্থান প্ৰাপ্ত পৰীক্ষাৰ্থীসকলে সামাজিক দুৰত্ব বজাই আৰু চৰকাৰে বান্ধি দিয়া নিয়ম-নীতি অনুসৰি তেওঁলোকৰ সফলতা উদযাপন কৰে ইয়াৰ বাবে সকলোকে আহ্বান জনায় ছেবাৰ অধ্যক্ষগৰাকীয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details