অসম

assam

ETV Bharat / state

গৰিমা অটুট ৰাখিলে অসম জাতীয় বিদ্যালয়ে - etv bharat assam

বিদ্যালয়খনৰ পৰা কলা শাখাত এজনে স্থানলাভ কৰাৰ লগতে ৰাজ্যৰ ভিতৰতে অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হয় অনুভৱী প্ৰিয়ান ওজাই ।

গৰিমা অটুট ৰাখিলে অসম জাতীয় বিদ্যালয়ে

By

Published : May 25, 2019, 11:39 PM IST

Updated : May 25, 2019, 11:49 PM IST

গুৱাহাটী, 25 মে': অসম জাতীয় বিদ্যালয়ে অটুট ৰাখিছে নিজৰ গৰিমা ৷ শনিবাৰে এক সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে অধ্যক্ষ ঘনশ্যাম মেধিয়ে ৷ কলা আৰু বিজ্ঞান দুয়োটা শাখাতেই পৰীক্ষাৰ্থীয়ে সামগ্ৰিকভাৱে ভাল ফলাফল দেখাবলৈ সক্ষম বুলি কলে অধ্যক্ষ গৰাকীয়ে । উল্লেখ্য যে, বিদ্যালয়খনৰ পৰা কলা শাখাত এজনে স্থানলাভ কৰাৰ লগতে ৰাজ্যৰ ভিতৰতে অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হয় অনুভৱী প্ৰিয়ান ওজাই । কলা শাখাৰ মুঠ ৬১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম স্থান লাভ কৰে ৪৭ গৰাকীয়ে, দ্বিতীয় স্থান লাভ কৰে 14 গৰাকীয়ে ৷ বিপৰীতে তৃতীয় স্থান প্ৰাপ্ত পৰীক্ষাৰ্থীৰ সংখ্যা শূণ্য বুলি জানিবলৈ দিয়ে বিদ্য়ালয় খনৰ অধ্যক্ষগৰাকীয়ে ।

গৰিমা অটুট ৰাখিলে অসম জাতীয় বিদ্যালয়ে


আনহাতে, বিজ্ঞান শাখাৰ মুঠ ৬০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ৫০ জন, দ্বিতীয় বিভাগত ৯ জন উত্তীৰ্ণ হোৱা বুলি জানিবলৈ দিলে অধক্ষ্য গৰাকীয়ে । বৰ্তমানলৈকে সামগ্ৰিকভাৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা জাতীয় বিদ্যালয়ে অনাগত দিনত নিজৰ গৰিমা অটুট থকাকৈ ইয়াতকৈও অধিক সন্তোষ জনক ফলাফল প্ৰদৰ্শন কৰিব বুলি মন্তব্য কৰে অধক্ষ্য ঘনশ্যাম মেধিয়ে ।

Last Updated : May 25, 2019, 11:49 PM IST

ABOUT THE AUTHOR

...view details