অসম

assam

অনিৰ্দিষ্ট কাললৈ পিছুৱালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

By

Published : Apr 28, 2021, 9:55 PM IST

মহামাৰী কৰ’ণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা । ৪ মে'ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা ৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সম্পৰ্কে কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই শিক্ষা সংসদে ।

hs first year final exam posponed due to covid
অনিৰ্দিষ্ট কাললৈ পিছুৱালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

গুৱাহাটী, ২৮ এপ্ৰিল : ৰাজ্যৰ চৌদিশে বৃদ্ধি পাইছে মহামাৰী কৰ’ণাৰ সংক্ৰমণ ৷ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা সংসদে অনিৰ্দিষ্ট কাললৈ পিছুৱালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা । শিক্ষা সংসদে বুধবাৰে এক নিৰ্দেশনা যোগে ঘোষণা কৰে এই সিদ্ধান্ত ।

অনিৰ্দিষ্ট কাললৈ পিছুৱালে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

উল্লেখযোগ্য যে, ৪ মে'ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা । অৱশ্যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় সেই বিষয়ে এইপৰ্যন্ত শিক্ষা সংসদে কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :ধুমুহা-শিলাবৃষ্টিয়ে আশ্ৰয়হীন কৰিলে অৰ্ধশতাধিক পৰিয়ালক

ABOUT THE AUTHOR

...view details