গুৱাহাটী,১৫ ছেপ্টেম্বৰ : নামভর্তি প্রক্রিয়া একপ্রকাৰ প্রহসনত পৰিণত হৈছে । উচ্চতৰ মাধ্যমিক প্রথম বর্ষত (Higher secondary First year) নামভর্তিৰ সময়সীমা বাৰে বাৰে সলনি কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পৰীক্ষা অবিহনে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰাত মেট্রিকত (HSLC) অভিলেখ সংখ্যক ছাত্র-ছাত্রী উত্তৰ্ণী হোৱাৰ পাছত প্রয়োজনীয় আসনৰ জোৰা মৰাত যেন ব্যৰ্থ হৈছে শিক্ষা বিভাগ ।
লেহেমীয়া নামভর্তি প্রক্রিয়াই সেই কথা স্পষ্টকৈ প্ৰতীয়মান কৰিছে । উল্লেখ্য যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ 'দৰ্পন পর্টেল'ৰ (Darpan Portal) জৰিয়তে নামভর্তিৰ পদক্ষেপ লোৱা হৈছে । শিক্ষা সংসদে ৮-১২ ছেপ্টেম্বৰৰ ভিতৰত উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভর্তি সম্পন্ন কৰিবলৈ সময়সীমা বান্ধি দিছিল । কিন্তু কার্যতঃ সেয়া সম্ভৱ নহ'ল ।
নতুনকৈ শিক্ষা সংসদে পুনৰ নামভর্তিৰ সময়সীমা বান্ধি দিছে । শিক্ষা সংসদে জাৰি কৰা জাননী অনুসৰি ২৭-২৮ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ হ'ব লাগিব উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তি । ছাত্র-ছাত্রীৰ বাছনি তালিকা আৰু অপেক্ষাৰত তালিকা (ৱেটিং লিষ্ট) শিক্ষানুষ্ঠানসমূহে ২৩ আৰু ২৪ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব ।
দৰ্পন পর্টেলত ২৫ ছেপ্টেম্বৰত এই তালিকা উপলব্ধ হ'ব । ছাত্র-ছাত্রীসকলে যিখন শিক্ষানুষ্ঠানত নামভর্তিৰ বাবে বাছনিকৃত হ'ব সেই শিক্ষানুষ্ঠানৰ পৰা ছাত্র-ছাত্রীলৈ প্রেৰণ কৰা হ'ব এছ এম এছ (SMS) । শিক্ষা সংসদে পুনৰবাৰ স্পষ্ট কৰি দিছে যে প্রতিখন শিক্ষানুষ্ঠানে দর্পন পর্টেলৰ জৰিয়তে নামভর্তি সম্পন্ন কৰিব লাগিব । ইয়াৰ পূর্বে ৬ ছেপ্টেম্বৰৰ ভিতৰত বাছনি তালিকা সম্পূর্ণ কৰি ১২ ছেপ্টেম্বৰৰ ভিতৰত নামভর্তি প্রক্রিয়া সম্পূর্ণ হোৱাৰ কথা আছিল ।
প্ৰণিধানযোগ্য যে শেহতীয়া নির্দেশনাকে ধৰি উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভর্তিৰ বাবে মুঠ ৩ বাৰ সময়সীমা নির্ধাৰণ কৰা হ'ল । প্রথম দুবাৰ নির্ধাৰিত সময়ত নামভর্তি প্রক্রিয়া সম্পন্ন নোহোৱাত এতিয়া ২৮ ছেপ্টেম্বৰৰ ভিতৰত এয়া সম্ভৱ হ'ব নে নাই সেয়া প্রশ্নৰ বিষয় । মেট্রিকত উত্তীর্ণ অতিৰিক্ত ৮০ হাজাৰ শিক্ষার্থীৰ নামভর্তিত প্রধান অন্তৰায় হৈ পৰিছে আসনৰ অভাৱৰ বিষয়টো । এই সমস্যা আঁতৰ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিও শিক্ষা বিভাগ অদ্যপি সফল হোৱা নাই ।