অসম

assam

প্ৰদ্যুৎ বৰদলৈৰ প্ৰশ্নবাণ সৰ্বানন্দ সোণোৱাললৈ

By

Published : Sep 26, 2019, 11:04 PM IST

''কৰ্প'ৰেট কৰ হ্ৰাস কৰিলে অসম কেনেকৈ লাভান্বিত হ'ব? দেশৰ অৰ্থনৈতিক অৱস্থা বিধ্বস্ত হৈ পৰিছে আৰু কৰ্প'ৰেট কৰ হ্ৰাস কৰিলে দেশৰ অৰ্থনীতি কেনেকৈ ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হ'ব? ''

কৰ্প'ৰেট কৰ হ্ৰাস কৰাৰ কাৰ্য্যই লাভবান কৰিছে আম্বানী, আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চাৰিওফালে ঘূৰি থকা সকলক

নগাওঁ, 26ছেপ্টেম্বৰ: যোৱা ২০ ছেপ্টেম্বৰত দেশৰ বিত্তমন্ত্ৰীয়ে গোৱাত অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ বৈঠকত কৰ্প'ৰেট কৰ হ্ৰাস কৰিছিল ৷ এই সিদ্ধান্তক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনাই মন্তব্য প্ৰকাশ কৰিছিল যে, এই সিদ্ধান্ত এক ঐতিহাসিক পদক্ষেপ । বুধবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী সোণোৱালে কৰ্প'ৰেট কৰ হ্ৰাস কৰা বিত্তমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি জনাই কয় যে,

''প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ভিতৰত দেশৰ অৰ্থনীতি ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ যি লক্ষ্য স্থিৰ কৰিছে, সেই লক্ষ্যত উপনীত হোৱাৰ বাবে কৰ্প'ৰেট কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।''

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ্প'ৰেট কৰ হ্ৰাস কৰাৰ সিদ্ধান্তক আদৰণি জনোৱাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উভতি ধৰে মুখ্যমন্ত্ৰীক । প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে,

''কৰ্প'ৰেট কৰ হ্ৰাস কৰিলে অসম কেনেকৈ লাভান্বিত হ'ব? দেশৰ অৰ্থনৈতিক অৱস্থা বিধ্বস্ত হৈ পৰিছে আৰু কৰ্প'ৰেট কৰ হ্ৰাস কৰিলে দেশৰ অৰ্থনীতি কেনেকৈ ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হ'ব? কৰ্প'ৰেট কৰ হ্ৰাস কৰিলে অসমৰ কোনোধৰণৰ লাভ নহয়, কৰ্পৰেট কৰ হ্ৰাস কৰিলে লাভবান হ'ব আম্বানী, আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চাৰিওফালে ঘূৰি থকা কৰ্পৰেট গোষ্ঠী লোকসকল । কৰ্প'ৰেট কৰ হ্ৰাস কৰিবলগীয়া আছিল যদি বাজেটৰ সময়ত কিয় কৰ্প'ৰেট কৰ ধাৰ্য কৰা হ'ল বুলিও প্ৰশ্ন কৰে বৰদলৈয়ে । নগাঁৱৰ সাংসদগৰাকীয়ে কয় কৰ্প'ৰেট কৰ হ্ৰাস কৰিলে চৰকাৰে ১ লাখ ৫৪ হাজাৰ কোটি টকা কমকৈ কৰ লাভ কৰিব আৰু ১ লাখ ৫৪ হাজাৰ কোটি টকাৰ কৰ হ্ৰাস হ'লে দেশৰ অৰ্থনীতি কেনেকৈ ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব? প্ৰদ্যুৎ বৰদলৈয়ে লগতে কয় যে দেশৰ অৰ্থনৈতিক অৱস্থা বিধস্ত হৈ গৈছে, প্ৰতিদিনে লাখ লাখ মানুহে কৰ্মসংস্থাপন হেৰুৱাইছে ৷ তেনে সময়ত মুখ্যমন্ত্ৰীজনৰ এনে মন্তব্য তাৎপৰ্যহীন৷ ''

''কৰ্প'ৰেট কৰ হ্ৰাস কৰাৰ কাৰ্য্যই লাভবান কৰিছে আম্বানী, আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চাৰিওফালে ঘূৰি থকা সকলক''


প্ৰদ্যুৎ বৰদলৈয়ে লগতে উজনি অসমৰ বিভিন্ন অঞ্চলত চলি থকা কয়লা ছিণ্ডিকেট সন্দৰ্ভত কয় যে,

''উজনি অসমৰ বনাঞ্চল সমূহত এতিয়া কয়লাৰ অবৈধ খনন আৰম্ভ হৈছে । কয়লা ছিণ্ডিকেটৰ লগতে জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ আঁৰত কি ৰহস্য আছে বুলিও প্ৰশ্ন কৰে বৰদলৈয়ে।''

ABOUT THE AUTHOR

...view details