অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত কিমান সফল সৰ্বানন্দ সোণোৱাল

পাঁচবছৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা পিছত ২০২১ চনত বিজেপিয়ে পুনৰ ৰাজ্যৰ শাসন ক্ষমতা দখলৰ পিছত সর্বানন্দ সােণােৱালে হেৰুৱাইছিল দায়িত্ব ৷ তাৰ পিছতে কেন্দ্ৰৰ বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱালক কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রীৰ দায়িত্ব দিয়ে। জানো আহক প্ৰায় এটা বছৰৰ কাৰ্যকালত মুখ্যমন্ত্ৰী হিচাপে কিমান সফল হৈছে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal as union minister) ৷

By

Published : Mar 19, 2022, 7:20 PM IST

sarbananda-sonowal-as-union-minister
কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত কিমান সফল সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, 19 মাৰ্চ: সর্বানন্দ সােণােৱালে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রীৰ দায়িত্ব গ্ৰহণ কৰা প্ৰায় ৯ মাহ সম্পূৰ্ণ হৈছে। যোৱা বছৰ ৭ জুলাইত সর্বানন্দ সােণােৱালে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রীৰ দায়িত্ব গ্ৰহণ কৰিছিল। অসমত পাঁচবছৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা পিছত ২০২১ চনত বিজেপিয়ে পুনৰ ৰাজ্যৰ শাসন ক্ষমতা দখলৰ পিছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই (Himanta Biswa Sarma Replaces Sonowal As Assam CM) ।

তাৰ পিছতে কেন্দ্ৰৰ বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱালক কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রীৰ দায়িত্ব দিয়ে (Sonwal given responsibility of union minister) । কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা সৰ্বানন্দ সোণোৱালে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ দপ্তৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ দৃষ্টি আকৰ্ষণ আৰু অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক শীতল যুদ্ধ ঘোষণা কৰি সৰ্বানন্দ সোণোৱালে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ দপ্তৰত বিভিন্ন কাৰ্যসূচী ৰূপায়কৰি থকাৰ লগতে ভৱিষ্যতৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে।

উল্লেখ্য যে, পশ্চিম বংগৰ হালদিয়াৰ পৰা মাল কঢ়িয়াই অনা এম ভি ৰাম প্রসাদ বিছমিল জাহাজখন ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যাত্ৰা কৰি যোৱা মঙ্গলবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰে । ৯০ মিটাৰ দীঘল জাহাজ এমভি ৰাম প্রসাদ বিছমিলৰ লগতে ডিবি কল্পনা চাওলা আৰু ডিবি এপিজে আব্দুল কালাম জাহাজ দুখনে টি এম টি বাৰ কঢ়িয়াই আনিছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ শ্যামাপ্রসাদ মুখার্জী বন্দৰত দুটা বার্জ - ডিবি কল্পনা চাওলা আৰু ডিবি পি জে আব্দুল কালামৰ সৈতে এমভি ৰাম প্রসাদ বিছমিল জাহাজখনৰ ফ্লেগ অফ কৰিছিল ।

এই পদক্ষেপৰ দ্বাৰা ভাৰত-বাংলাদেশ প্ৰট'কল ৰুটৰ মাধ্যমেৰে ক'লকাতাৰ পৰা গুৱাহাটীলৈ বার্জিং অভিযানৰ আৰম্ভণিৰ পথ প্রশস্ত হৈছে। জামছেদপুৰৰ টাটা ষ্টীলৰ ১,৭৯৩ মেট্রিক টন ষ্টীল ৰড ভর্তি আছিল জাহাজ কেইখন । উল্লেখযােগ্য যে ইয়াৰ পূর্বে এম ভি লালবাহাদুৰ শাস্ত্ৰীয়ে পাটনাৰ পৰা ভাৰতীয় খাদ্য নিগমৰ বাবে ২০০ মেট্রিক টন খাদ্যশস্য কঢ়িয়াই গংগা, ভাৰত-বাংলাদেশ প্ৰট'কল ৰুট হৈ ব্ৰহ্মপুত্ৰয়েদি সফলতাৰে পাণ্ডু বন্দৰত প্ৰৱেশ কৰিছিল ।

কিছুদিন পূৰ্বে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিহাৰৰ চাৰণত ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ত নির্মাণ হ'বলগীয়া কালুঘাট ইন্টাম'ডেল টার্মিনেলৰাে আধাৰশিলা স্থাপন কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গংগা নদীৰ পৰা ভাৰত-বাংলাদেশ প্ৰট'কল পথ হৈ ব্ৰহ্মপুত্র নদীয়েদি- এই জলপথছােৱাৰে সুচল কার্গ' পৰিবহণত গুৰুত্ব আৰােপ কৰিছে । উল্লেখ্য যে, ভাৰত আৰু বাংলাদেশৰ মাজত অভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্যৰ প্ৰট'কলৰ জৰিয়তে দুয়ােখন দেশৰ মাজত সামগ্রী চলাচলৰ বাবে পাৰস্পৰিক জলপথ ব্যৱহাৰৰ ব্যৱস্থা আছে ।

সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় জলপথ-১ (গংগা নদী)ক ৰাষ্ট্ৰীয় জলপথ-2 (ব্রহ্মপুত্র নদী) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী)ৰ সৈতে ইণ্ডো-বাংলাদেশ প্ৰট'কল পথৰ জৰিয়তে সংযুক্ত কৰা হৈছে। এই জলপথসমূহেৰে উপযুক্ত চলাচল আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ইণ্ডো-বাংলাদেশ প্ৰট'কল পথৰ দুটা অংশ, অর্থাৎ চিৰাজগঞ্জ-দৈখােৱা আৰু আশুগঞ্জ-জাকিগঞ্জক ৮০:২০ (ভাৰত:বাংলাদেশ) অনুপাতৰ আধাৰত ৩০৫.৮৪ কোটি টকাৰ ব্যয়সাপেক্ষে উন্নীত কৰি থকা হৈছে ।

তদুপৰি সাত বছৰৰ বাবে (২০১৯-২০২৬ চনলৈ) জলপথছােৱাত প্রয়ােজনীয় গভীৰতা নিশ্চিত কৰাৰ বাবে ড্রেজিঙৰ বাবেও চুক্তি চলি আছে। ইপিনে পাণ্ডুত জাহাজ মেৰামতিৰ কাৰখানা স্থাপন কৰা আৰু খৰালীত ঠায়ে ঠায়ে জাহাজ চলাচলৰ বাবে ড্রেজিঙ কৰাৰ পৰিকল্পনা কৰা হৈছে । কেন্দ্ৰীয় আয়ুষ মন্ত্রী হিচাপে সৰ্বানন্দ সোণোৱালে অসমত ৪০০ টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তেওঁ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৪০০ টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰা কৰিছে।

আকৌ নাগালেণ্ড আৰু মিজোৰামত আয়ুষ কেয়াৰ চেন্টাৰ স্থাপনৰ পৰিকল্পনা কৰিছে । ইপিনে অসমত বন ঔষধৰ জৰীপ আৰু গৱেষণা কৰাৰ বাবে সৰ্বানন্দ সোণোৱালে দিছেল বিশেষ গুৰুত্ব । তাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । কিছুদিন পূৰ্বে গুৱাহাটীস্থিত কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠানত পঞ্চকৰ্মা ব্লক আৰু চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে ।

চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত ২০ কোটি টকা ব্যয়েৰে তিনিটা নতুন ভৱন নির্মাণ কৰা হ'ব আৰু ২০২৪ চনৰ ভিতৰত সম্পূর্ণ কৰা হ'ব। লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠানত (চিএআৰআই) পঞ্চকর্মা ব্ল'ক আৰু চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত পঞ্চকর্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছে ।

লগতে পঢ়ক :APSC ৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত : ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন সাজু

ABOUT THE AUTHOR

...view details