অসম

assam

ETV Bharat / state

বিধায়কৰ ঘৰ সোমাল ক'ভিড-19 : নিজকে কিদৰে সুৰক্ষিত কৰিছে জনপ্ৰতিনিধিয়ে ! - Assam legislative assembly

দিছপুৰত কোভিড-19 ৷ দুজনকৈ বিধায়ক আৰু তেওঁলোকৰ লগত জড়িত কেইবাগৰাকীও লোকৰ স্বাৱ পৰীক্ষাত ধৰা পৰিছে কোভিড-19 ৷ যাৰ বাবে চেনিটাইজ কৰা হৈছে সমগ্ৰ বিধানসভা চৌহদৰ লগতে বিধায়ক আবাসসমূহ ৷

how public representative of Assam protecting themselves against covid-19
how public representative of Assam protecting themselves against covid-19

By

Published : Jul 4, 2020, 6:52 PM IST

গুৱাহাটী, ৪ জুলাই : জনপ্ৰতিনিধিৰ ঘৰ সোমালহি ক'ভিড-১৯ । ইতিমধ্যে বিজেপিৰ দুই বিধায়ক ক্ৰমে পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল আৰু বৰক্ষেত্ৰীৰ নাৰায়ণ ডেকা ক'ভিড-19 ত আক্ৰান্ত হৈছে । বিধায়ক ডেকাৰ কন্যা, তেওঁৰ গাড়ী চালক আৰু তিনিজনকৈ দেহৰক্ষীও চিকাৰ হৈছে ক'ভিডৰ । শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ হ'লেও তেওঁৰ ব্যক্তিগত সহায়ক ৰাহুল দাস আৰু তিনিজনকৈ তেওঁৰ দেহৰক্ষী আক্ৰান্ত হৈছে ক'ভিড-১৯ ত । গতিকে, স্বাভাৱিকতে এতিয়া পূৰ্বতকৈ অধিক সাৱধানতা অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰিছে দল-মত নিৰ্বিশেষে সকলো বিধায়ক ।

ক'ভিড-19 : বিধানসভা চৌহদl সজাগতা

ইতিমধ্যে শেহতীয়া অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্র অসম বিধানসভা চৌহদ আৰু সেই চৌহদতে থকা বিধায়ক আৱাসসমূহ সম্পূৰ্ণ ৰূপে চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে বিধানসভা সচিবালয় কৰ্তৃপক্ষই । শনিবাৰে অসম বিধানসভাৰ প্ৰধান সচিৱ মৃগেন ডেকাই প্ৰকাশ কৰে যে দুজনকৈ জনপ্ৰতিনিধি ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত বিধানসভা সচিবালয়ে সমগ্ৰ চৌহদটোত চেনিটাইজেছনৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে ।

ক'ভিড-19 : নিজকে কিদৰে সুৰক্ষিত কৰিছে জনপ্ৰতিনিধিয়ে !

আনহাতে, প্ৰতিকূল পৰিস্থিতিতো সততে জনতাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলগীয়া হোৱা বাবে বহু কেইগৰাকী বিধায়কে নিজকে যিমান পাৰি সিমান পৰিমাণে সুৰক্ষিত কৰি ৰাখিহে ৰাইজৰ সৈতে সম্পৰ্ক বজাই চলিছে । নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, তেওঁ ইতিমধ্যে নিজ ঘৰৰ বাহিৰত ফলক আৰি দিছে যাতে মাস্ক পৰিধান নকৰাকৈ বা নিজকে চেনিটাইজ নকৰাকৈ কোনো লোক ভিতৰলৈ প্ৰৱেশ নকৰে । অনুৰূপভাৱে তেওঁ নিজেও অনবৰতে স্বাস্থ্য বিধি মানি চলা বুলি প্ৰকাশ কৰে ।

ক'ভিড-19 : বিধায়ক শিলদিত্য দেৱৰ মন্তব্য

ইপিনে, হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে প্ৰকাশ কৰে যে তেওঁলোক যিহেতু ৰাইজৰ প্ৰতিনিধি গতিকে ৰাইজৰ মাজলৈ যাবই লাগিব বা ৰাইজেও তেওঁলোকক বিচাৰি আহিবই । মৃত্যুৰ ভয় থাকিল বুলিয়েই সৈনিক যুদ্ধক্ষেত্ৰলৈ নোযোৱাকৈ থাকিব নোৱাৰে । কিন্তু তাকে কৰিবলৈ যাওঁতে নিজে সকলো ধৰণেৰে সাজু হৈ যাব লাগিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । আনহাতে, ডুমডুমা সমষ্টিৰ কংগ্ৰেছ বিধায়ক দূৰ্গা ভূমিজে কয় যে জনপ্ৰতিনিধিৰ ওচৰলৈ জনতা আহিবই । যিমান আইন কানুন হ'লেও এই প্ৰক্ৰিয়া বন্ধ কৰিব নোৱাৰি । কিন্তু তাৰ মাজতো সকলো ফালৰ পৰা সাৱধানতা মানি চলা হৈছে ।

লগতে পঢ়ক : আইতাৰ হাতৰ পৰশত তাঁতশালত প্ৰাণ পাইছে শ্ৰীমদ্ভাৱতৰ শ্লোক


ABOUT THE AUTHOR

...view details