অসম

assam

By

Published : Jul 22, 2020, 8:24 PM IST

ETV Bharat / state

ৰাজ্যত বন্ধ হৈ যাব নেকি ৰাজহুৱা খণ্ডৰ বহু নিগম তথা প্ৰতিষ্ঠান !

লক ডাউনে এক প্ৰকাৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে অসমৰ ৰাজহুৱা খণ্ডৰ নিগম তথা প্ৰতিষ্ঠান সমূহক । অসমৰ ৩৯ টাকৈ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ প্ৰায় ভাগৰে বৰ্তমান অৱস্থা এতিয়া হৈ পৰিছে অতিকে শোচনীয় । যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে এই নিগমসমূহৰ লগত জড়িত কৰ্মচাৰী সকল ।

how is the condition of public sector organisation of assam
ৰাজ্যত বন্ধ হৈ যাব নেকি ৰাজহুৱা খণ্ডৰ বহু নিগম তথা প্ৰতিষ্ঠান !

গুৱাহাটী,২২ জুলাই: সদৌ অসম চৰকাৰী অধীনস্থ ৰাজহুৱা প্ৰতিষ্ঠান কৰ্মচাৰী সন্থাই চৰকাৰক বিভিন্ন সময়ত নিগম-প্ৰতিষ্ঠানসমূহক পুনৰ উজ্জীৱিত কৰি তুলিবলৈ দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে । শেহতীয়াকৈ লক ডাউনৰ এই সময়চোৱাত চৰকাৰে এক প্ৰকাৰ ধ্বংসৰ গৰাহলৈকে ঠেলি দিছে অসমৰ ৰাজহুৱা খণ্ডৰ নিগম তথা প্ৰতিষ্ঠান সমূহক । ফলত অধিক উদ্বিগ্ন হৈ পৰিছে এই নিগম সমূহৰ লগত জড়িত সকলো কৰ্মচাৰী ।

ৰাজ্যত বন্ধ হৈ যাব নেকি ৰাজহুৱা খণ্ডৰ বহু নিগম তথা প্ৰতিষ্ঠান !

তাৰোপৰি অসম গেছ কোম্পানী,অসম পেট্ৰ'কেমিকেল লিমিটেড আৰু ডি. এন. পি. লিমিটেডৰ বাহিৰে আটাইকেইটা উদ্যোগৰ অৱস্থা খুবেই বেয়া হৈ পৰা বুলি উল্লেখ কৰিলে সদৌ অসম চৰকাৰী অধীনষ্ঠ ৰাজহুৱা প্ৰতিষ্ঠান কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক নিলম হাজৰিকাই ।

উল্লেখ্য যে,বহু নিগম তথা প্ৰতিষ্ঠানত অধ্যক্ষৰ লগতে বহু পদ খালী হৈ আছে । সমান্তৰালকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলেও প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ আছে । এই গুৰুত্বপূৰ্ণ সমস্যা সমূহ সমাধানৰ লগতে এই ৰাজহুৱা খণ্ডৰ নিগম-প্ৰতিষ্ঠানসমূহক উজ্জিৱীত কৰি তোলাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ ল'বলৈ চৰকাৰক আহ্বান জনাইছে কৰ্মচাৰী সন্থাই ।

লগতে চাওকঃ বলীউডৰ 20বছৰীয়া যাত্ৰা বিশেষ আন্দাজেৰে উদযাপন কৰিব প্ৰিয়ংকা চোপ্ৰাই

ABOUT THE AUTHOR

...view details