গুৱাহাটী, ৮ জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশজুৰি ৰূপায়ন কৰা জনপ্ৰিয় ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ চমুকৈ পি এম এ ৱাই আঁচনিখনৰ কাম অসমত শামুকীয়া গতিত চলি আছে (PMAY scheme in Assam) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে দৰিদ্ৰজনক সেৱা কৰাৰ কথা কয় যদিও দৰিদ্ৰজনৰ বাবে প্ৰয়োজনীয় এই আঁচনিখন অসমত সফল ৰূপায়ণ নোহোৱাটো চৰম পৰিতাপৰ বিষয় ৷
যি সময়ত প্ৰধানমন্ত্ৰীৰ সপোনৰ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ আন আন ৰাজ্যসমূহ বহুদূৰ আগুৱাই গৈছে সেই সময়ত এই নিৰ্দিষ্ট আঁচনিখন ৰূপায়ণত অসম পিছপৰি ৰৈছে । অৱশ্যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আঁচনিখনৰ কামে কিছু অগ্ৰগতি লাভ কৰিছে ।
চৰকাৰী তথ্য মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত ২০১৬ চনৰ পৰা এতিয়ালৈ ১০ লাখৰো অধিক পকী ঘৰ সম্পূর্ণ হৈ উঠিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা তৎপৰতাৰ ফলতেই ৰাজ্যখনত ১০ লাখৰো অধিক গৃহ নির্মাণ সম্পূর্ণ হোৱাটো যথেষ্ঠ আশাব্যঞ্জক ৰূপে পৰিগণিত হৈছে ।
উল্লেখ্য যে ২০১৬ চনৰ পৰা আজিৰ তাৰিখলৈ ১০ লাখৰো অধিক গৃহ নির্মাণৰ বিপৰীতে বিগত দুটা বর্ষত ২০২১ চনৰ ১০ মে’ৰ পৰা চলিত বর্ষৰ ১০ মে’লৈ ৭,০৩,৬৩৩টা ঘৰ নির্মাণ সম্পূর্ণ হৈছে । অর্থাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৭ লাখৰো অধিক গৃহ দুটা বর্ষত নির্মাণ কৰিবলৈ সক্ষম হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২০ লাখতকৈ অধিক ঘৰ জি’ টেগ কৰা হৈছে । ইয়াৰে ভিতৰত ১৫.৫ লাখ পৰিয়াল যোগ্য হিচাবে পৰিগণিত হৈছে । অৱশ্যে লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসম আন ৰাজ্য তুলনাত এতিয়াও বহু পিছপৰি আছে ।
তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা এতিয়ালৈকে অসমৰ বাবে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ২০ লাখৰো অধিক আবাস গৃহ নিৰ্মাণৰ লক্ষ্য লৈছিল । আনহাতে অনুমোদন দিয়া হিচাপত ৫০ শতাংশ আৱাস গৃহৰ কামহে সম্পূৰ্ণ হৈছে । গ্ৰামাঞ্চলৰ দৰেই নগৰ অঞ্চলতো আঁচনিখনৰ কাম লেহেম গতিত চলি আছে ।