অসম

assam

By

Published : Jun 5, 2019, 6:57 PM IST

ETV Bharat / state

কাৰ্গিল যুদ্ধৰ ভেটেৰান কেনেকৈ বিদেশী হ'ব পাৰে ?

বিদেশী বুলি ঘোষণা কৰা প্ৰাক্তন সেনা বিষয়া তথা অসম আৰক্ষীৰ সীমান্ত শাখাৰ এগৰাকী উপ-পৰিদৰ্শক সোনা উল্লাহৰ গৃহত উপস্থিত হয় কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি ৷ সংগঠনৰ সদস্যসকলে এই কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে শীঘ্ৰেই সোনা উল্লাহক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷

সোনা উল্লাহ

গুৱাহাটী, 5 জুনঃ প্ৰাক্তন সেনা বিষয়া তথা কাৰ্গিল যুদ্ধ ভেটেৰান সোনা উল্লাহৰ পৰিয়ালৰ কাষত উপস্থিত কেইবাটাও সংগঠন ৷ ফ'ৰাম ফ'ৰ চ'ছিয়েল হাৰমণিৰ উদ্যোগত সন্মিলিত সংগ্ৰাম সমিতি, স্বৰাজ অসম, সন্মিলিত জনগোষ্ঠী সংগ্ৰাম সমিতি আৰু আইছা নামৰ সংগঠনকেইটাই আজি সোনাউল্লাহৰ গৃহত উপস্থিত হয় ৷

অধিক পঢ়কঃ জীৱনৰ 30 বছৰ উচৰ্গা কৰি বিদেশীৰ আখ্যা

সংগঠনকেইটাই সোনাউল্লাহক শৰণাৰ্থী শিৱিৰলৈ পঠিওৱাৰ বিৰোধিতা কৰাৰ লগতে, পৰিয়ালৰ লোকৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰে ৷ কাৰ্গিল যুদ্ধত ভাৰতৰ হৈ পাকিস্তানৰ বিৰুদ্ধে বন্দুক চলোৱা সোনাউল্লাহ কেনেকৈ বিদেশী হ'ব পাৰে তাক লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে ৷ আনহাতে সোনাউল্লাহৰ ঘটনাৰ পিচতেই গাঁওখনৰে এগৰাকী লোকে আত্মহত্যাৰ পথ বাছি লোৱা বুলি প্ৰকাশ কৰে ফ'ৰাম ফ'ৰ চ'ছিয়েল হাৰমণিৰ সদস্য মুকুটলোচন কলিতাই ৷

ABOUT THE AUTHOR

...view details