গুৱাহাটী, ১০ এপ্ৰিল :গিনিজ বুক অৱ ৰেকৰ্ডছত অসমৰ বিহু অন্তৰ্ভুক্ত কৰাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । ইতিমধ্যে তুংগত উঠিছে চৰকাৰে ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা মেগা বিহুৰ অনুষ্ঠানৰ প্ৰস্তুতি (Mega Bihu event) । সাজু হৈছে নাচনী-ঢুলীয়া । মুঠ ১০০ কোটি টকা ব্যয় কৰি চৰকাৰে আয়োজন কৰা বিহুৰ বাবে মহানগৰীৰ হোটেলবোৰ এতিয়া সম্পূৰ্ণ ৰূপে বুকিং হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ঢুলীয়া-নাচনী, প্ৰশিক্ষকৰ বাবে সোমবাৰৰ পৰা অৰ্থাৎ ১০ ৰ পৰা ১৫ এপ্ৰিললৈ মহানগৰীৰ ৯০% হোটেল-ল’জ বুকিং কৰা হৈছে (90% of hotels in Guwahati are booked for mega Bihu event) ।
মহানগৰীৰ কেইবাখনো হোটেল কৰ্তৃপক্ষই জনোৱা মতে, প্ৰতিখন হোটেলৰ অধিকাংশ কোঠাই চৰকাৰৰ ফালৰ পৰা বুক কৰা হৈছে । প্ৰতিটো কোঠাত ২-৩ জনকৈ লোক থাকিব পৰাৰ ব্যৱস্থা কৰা হৈছে । মহানগৰীৰ প্ৰায়বোৰ হোটেলৰ ৯০% কোঠা চৰকাৰে ইতিমধ্যে বুক কৰিছে (Hotels in Guwahati booking for Bihu event) ।
আজিৰ পৰা ১৫ এপ্ৰিললৈ এই হোটেলৰ কোঠাত থাকিব ঢুলীয়া-নাচনীসকল । তাজ ভিভান্টা, নভোটেল, ৰেডিচন ব্লু হোটেলক বাদ দি মহানগৰীৰ সকলো হোটেল ল’জ বুকড কৰিছে চৰকাৰে । মহানগৰীৰ হোটেল আৰু ল’জৰ লগতে চৰকাৰে ১৩০০০ নাচনী, বিহুৱা, প্ৰশিক্ষকৰ বাবে বুক কৰিছে মহানগৰীৰ পাশ্চৱৰ্তী অঞ্চল সোণাপুৰৰ দিচাং ৰিজ’ৰ্ট, ব্ৰহ্মপুত্ৰ ৰিজ’ৰ্ট, স্প্ৰীংভেলী, আৰিয়ান ৰিজ’ৰ্ট, ডেকা চাঙ আৰু বৰঝাৰৰ কিৰণশ্ৰী ।