গুৱাহাটী, 14 ডিচেম্বৰ :বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিচতে হঠাৎ চৰ্চালৈ আহিছে গুৱাহাটীৰ এখন তাৰকাযুক্ত হোটেল ৷ ছয়মাইলত অৱস্থিত এই তাৰকাযুক্ত হোটেলখন হৈ পৰিছে বড়োভূমিৰ ৰাজনীতিৰ অন্যতম অভিকেন্দ্ৰ । কিয়নো কটকটীয়া নিৰাপত্তাৰ মাজত হোটেল 'লিলিত' এক প্ৰকাৰ আৱদ্ধ কৰি ৰখা হৈছে বি টি আৰ পৰিষদীয় নিৰ্বাচনত বিজয়ী হৈ অহা ইউ পি পি এল, বিজেপি আৰু জি এছ পিৰ 21 গৰাকীকৈ এম চি এল এক । কোনো কাৰণতে যাতে এই সকল এম চি এল এক বি পি এফ বা হাগ্ৰামা মহিলাৰীয়ে প্ৰলোভিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৰা হৈছে এই বিশেষ ব্যৱস্থা ।
কঠোৰ নিৰাপত্তাৰক্ষীৰ মাজত হোটেল লিলি এতিয়া বড়ো ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ লগতে পঢ়ক :ৰাইজক অন্ধকাৰত ৰাখি কোনো কাম নকৰো: লুৰীণজ্যোতি গগৈ
আনকি, হোটেলখনৰ দুয়োখন প্ৰবেশদ্বাৰো বন্ধ কৰি দিয়া হৈছে । বিশেষ লোকসকলৰ বাহিৰে আন কোনো লোকক প্ৰবেশ কৰিবলৈ দিয়া হোৱা নাই হোটেলৰ ভিতৰলৈ ৷ আনকি, হোটেলৰ ভিতৰত 'আৱদ্ধ' কৰি ৰখা এম চি এল এ সকলকো অতি প্ৰয়োজনতহে বাহিৰলৈ আহিবলৈ দিয়া হৈছে । তাকো কঠোৰ নিৰাপত্তাৰ মাজত । বিজেপি, ইউ পি পি এল আৰু জি এছ পিৰ নেতাসকলৰ বাহিৰে আন কোনো লোককে এম চি এল এক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই ।
উল্লেখ্য যে, 15 ডিচেম্বৰত যিহেতু এই তিনি দলৰ নেতৃত্বত বড়োভূমিত নতুন পৰিষদ গঠন হ'ব গতিকে তাৰ পূৰ্বে যাতে কোনো ৰাজনৈতিক অঘটন নঘটে বা হ'ৰ্চ ট্ৰেডিং নচলে তাৰ বাবেই হোটেল লিলিত এইদৰে 'আৱদ্ধ' কৰি ৰখা হৈছে 21 জনকৈ নিৰ্বাচিত এম চি এল এক ।
লগতে পঢ়ক :ৰাইজক অন্ধকাৰত ৰাখি কোনো কাম নকৰো: লুৰীণজ্যোতি গগৈ