গুৱাহাটী, ১৪ আগষ্ট:গুৱাহাটী মহানগৰীৰ হোটেল লেণ্ডমাৰ্কক লৈ বিতৰ্কৰ অন্ত নাই(Hotel landmark owner arrested)। এইবাৰ হোটেলখনৰ স্বত্বাধিকাৰীয়ে মাৰধৰ কৰা ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । এনে অভিযোগৰ পিছতে পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হোটেল লেণ্ডমাৰ্কৰ স্বত্বাধিকাৰী দীপাংকৰ বৰুৱাক । কমল শৰ্মা নামৰ ঠিকাদাৰ গৰাকীয়ে দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় দীপাংকৰ বৰুৱাক।
হোটেল লেণ্ডমাৰ্কৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ - Board of sports
ব'ৰ্ড অৱ স্প'ৰ্টছ(Board of sports) আৰু হোটেল লেণ্ডমাৰ্কৰ সংঘাত চলি থকাৰ মাজতেই মাৰধৰ কৰা ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোটেলখনৰ স্বত্বাধিকাৰী দীপাংকৰ বৰুৱা । ইতিমধ্য়ে ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা অধিক মদ্যপান কৰি মাৰধৰৰ ঘটনাত লিপ্ত হৈছিল প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকী । উল্লেখ্য় যে ১৩ আগষ্টৰ নিশা লেণ্ডমাৰ্ক হোটেলৰ পিছফালৰ দেৱাল ভাঙি দিছিল ব'ৰ্ড অৱ স্প'ৰ্টছৰ কমল শৰ্মা নামৰ ঠিকাদাৰগৰাকীৰ কৰ্মচাৰীয়ে । সেই সময়ত তেওঁলোকক বাধা প্ৰদান কৰে দীপাংকৰ বৰুৱাই । অভিযুক্ত বৰুৱাই দেৱাল ভঙা লোকক মাৰপিত কৰাৰ লগতে এক্সাভেটৰ আদি ভাঙি দিয়া অভিযোগ উত্থাপিত হৈছে । এই হোটেলখনৰ লীজক কেন্দ্ৰ কৰি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে গোচৰ । কিন্তু তাৰ পিছতো ব'ৰ্ড অৱ স্প'ৰ্টছে কিয় দেৱাল ভাঙিলে সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে । আনহাতে, এই বিষয়টো সন্দৰ্ভত পল্টন বজাৰ আৰক্ষী আৰু ব'ৰ্ড অৱ স্প'ৰ্টছে মন্তব্য় দিয়াৰ পৰা বিৰত আছে ।