অসম

assam

ETV Bharat / state

হাস্পতালৰ চাফাই কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব : হিমন্ত বিশ্ব শৰ্মা

শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই চাফাই কৰ্মীসকলক দিয়া সম্বৰ্ধনা অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷

Himanta Biswa Sarma's statement
চাফাই কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

By

Published : Oct 2, 2020, 9:59 PM IST

বৰপেটা ৰোড, 2 অক্টোবৰ :গান্ধী জয়ন্তী উপলক্ষে শুকুৰবাৰে ক’ভিড হাস্পতালৰ চাফাই কৰ্মীসকলক সম্বৰ্ধনা গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ ৷ অনুষ্ঠানটোত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ প্ৰদান বৰুৱা ৷

অনুষ্ঠানটোত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,‘‘ক’ভিড হাস্পতালসমূহ পৰিস্কাৰ হৈ থকাৰ মূলতেই এই চাফাই কৰ্মীসকল ৷ তেওঁলোকৰ বাবেহে ৰোগীসকলে হাস্পতালত পৰিস্কাৰ পৰিৱেশত থাকিব পাৰিছে ৷" লগতে সম্পূৰ্ণ অংশকালীনভাৱে সেৱা আগবঢ়াই অহা এই চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত তেওঁ কয় যে, ‘‘আমি কাকো এৰি নিদিওঁ ৷ আমি সকলোৰে খবৰ ৰাখিছো ৷ ক’ভিডৰ শেষত আমি তেওঁলোকৰ ব্যৱস্থা কৰিম ৷ আপোনালোকে মাত্ৰ একাগ্ৰতাৰে কাম কৰক ৷”

চাফাই কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

আনহাতে এই অনুষ্ঠানতে কৃষক মুক্তি আৰু 70 টা দল-সংগঠনৰ আঞ্চলিক ৰাজনৈতিক দল গঠন সন্দৰ্ভত তেওঁ কটাক্ষ কৰি কয় যে, "এনেকৈ এটা এটাকৈ দল খুলিলে কি লাভ হ’ব ৷ সকলোৱে ঐক্যবদ্ধ হৈ যুঁজ দিলেহে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ভাল পাম ৷ দল গঠন কৰা সকলোৱেই হাৰিব ৷"

লগতে পঢ়ক:ছয়গাঁৱত মুখত মাস্ক নিপিন্ধাকৈ বিজেপিৰ সভা

ABOUT THE AUTHOR

...view details