গুৱাহাটী, ১২ ছেপ্তেম্বৰ :ৰাজ্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তলৈ (Prafulla Kumar Mahanta) আগবঢ়োৱা হৈছে সন্মানীয় ডক্টৰেট ডিগ্ৰী । দুবাৰকৈ অসমৰ মুখ্যমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰফুল্ল কুমাৰ মহন্তক সন্মানীয় ডক্টৰেট ডিগ্ৰী (Doctorate degree) প্ৰদান কৰিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে (Assam Down Town University) ।
ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰীলৈ তথা বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট ডিগ্ৰীৰে সন্মানীত কৰে । সম্বৰ্ধনা পত্ৰখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে যে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চলা বিখ্যাত অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ (Assam Accord) বাবেই অসমে কেন্দ্ৰৰ পৰা বহুখিনি লাভ কৰিবলৈ সক্ষম হ'ল ।