অসম

assam

ETV Bharat / state

Home Ministers Medal of Excellence: অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়ালৈ গৃহমন্ত্ৰীৰ উৎকৃষ্টতাৰ পদক - আৰক্ষী উপ আয়ুক্ত সুৰজিৎ সিং পানেছাৰ

আৰক্ষী উপ আয়ুক্ত সুৰজিৎ সিং পানেছাৰ, আৰক্ষী পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, আৰক্ষী পৰিদৰ্শক আৰিফুল হক আৰু উপ-পৰিদৰ্শক এম থাদৈ সিংহলৈ গৃহমন্ত্ৰীৰ অনুসন্ধানমূলক উৎকৃষ্টতা পদক ।

Assam police select for Union HMs Medal
১৪০ আৰক্ষী বিষয়ালৈগৃহ মন্ত্ৰীৰ উৎকৃষ্টতাৰ মেডেল

By

Published : Aug 13, 2023, 2:53 PM IST

গুৱাহাটী, ১৩ আগষ্ট:স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ মুঠ ১৪০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ সন্মান । দেশৰ এই ১৪০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত স্থান লাভ কৰিছে অসম আৰক্ষীৰ ৪ গৰাকী বিষয়াই । কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ২০১৮ চনৰ পৰা প্ৰদান কৰি অহা গৃহমন্ত্ৰীৰ অনুসন্ধানমূলক উৎকৃষ্টতা বঁটা এইবাৰ অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়াই লাভ কৰিছে ।

এই বঁটা লাভ কৰা আৰক্ষী বিষয়া কেইগৰাকী হৈছে আৰক্ষী উপ আয়ুক্ত সুৰজিৎ সিং পানেছাৰ, আৰক্ষী পৰিদৰ্শক দুৰ্গা কিংকৰ কুমাৰ, আৰক্ষী পৰিদৰ্শক আৰিফুল হক আৰু উপ-পৰিদৰ্শক এম থাদৈ সিংহ । উল্লেখ্য যে তদন্তত দেখুওৱা পাৰদৰ্শিতাৰ বাবে অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই উৎকৃষ্টতাৰ মেডেল ।

উল্লেখ্য় যে এইবাৰ দেশৰ মুঠ ১৪০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্রীয় গৃহমন্ত্ৰীৰ উৎকৃষ্টতাৰ মেডেল । উৎকৃষ্টতাৰ মেডেলৰ বাবে নির্বাচিত হোৱাসকলৰ ভিতৰত চি বি আইৰ ১২ গৰাকী, 'নিয়া'ৰ ১২ গৰাকী, উত্তৰ প্রদেশ আৰক্ষীৰ ১০ গৰাকী, কেৰালাৰ ৯ গৰাকী, ৰাজস্থানৰ ৯ গৰাকী, তামিলনাডুৰ ৮ গৰাকী, মধ্যপ্ৰদেশৰ ৭ গৰাকী আৰু গুজৰাটৰ ৬ গৰাকী আৰক্ষী বিষয়া আছে । সমান্তৰালভাৱে দেশৰ ২২ গৰাকী মহিলা আৰক্ষী বিষয়াই কেন্দ্রীয় গৃহমন্ত্ৰীৰ উৎকৃষ্টতাৰ মেডেল লাভ কৰিছে ।

১৪০ আৰক্ষী বিষয়ালৈগৃহ মন্ত্ৰীৰ উৎকৃষ্টতাৰ মেডেল

উল্লেখ্য যে কোকৰাঝাৰত দুগৰাকীকৈ যুৱতীৰ ধৰ্ষণ, হত্যাৰ এক জঘন্য ঘটনা সংঘটিত হৈছিল । সেই সময়ত জিলাখনত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে থকা সুৰজিৎ সিং পানেছাৰে এই ঘটনাৰ ক্ষিপ্ৰতাৰে তদন্ত কৰি অতি কম সময়ৰ ভিতৰতে আদালতত অভিযোগনামা দাখিল কৰিছিল । যাৰ পৰিণতিত ঘটনাৰ পাঁচ মাহৰ ভিতৰতে আদালতৰ মজিয়াত অভিযুক্তই মৃত্যুদণ্ডৰ শাস্তি লাভ কৰে । তদন্তত দেখুওৱা এনে পাৰদৰ্শিতাৰ বাবেই বর্তমান ডিচিপি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সুৰজিৎ সিং পানেছাৰৰ নাম উৎকৃষ্টতাৰ মেডেলৰ বাবে বাছনি হয় ।

সেইদৰে কাৰ্বি আংলং জিলাত কৰ্তব্যৰত হৈ থকাৰ সময়ত উপ পৰিদৰ্শক এম থাদৈ সিংহই তদন্তৰ ক্ষেত্ৰত নিজৰ দৃষ্টান্তমূলক প্ৰদৰ্শন দেখুৱাইছিল । বিষয়াগৰাকীৰ তৎকালীন ব্যৱস্থা আৰু তদন্তৰ ফলত কেইবাটাও গোচৰৰ অভিযুক্ত দোষী সাব্যস্ত হৈছিল । অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়াকে গোচৰৰ তদন্তৰ ক্ষেত্রত তেওঁলোকৰ উৎকৃষ্ট সেৱাৰ বাবে এই বিশেষ সন্মান আগবঢ়োৱা হৈছে ।

লগতে পঢ়ক:Independence day parade: নলবাৰীত 14 টা প্লাটুনে চলাইছে পেৰেডৰ অনুশীলন

ABOUT THE AUTHOR

...view details