অসম

assam

ETV Bharat / state

বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত গৃহমন্ত্ৰী অমিত শ্বাহ - Har Ghar Tiranga Abhiyan

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপি কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে কমেও ১২ খন আসন লাভ কৰাৰ বাবে আশা ব্যক্ত কৰে ।

Home Minister Amit Shah at BJP workers' meet in Guwahati
বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত গৃহমন্ত্ৰী অমিত শ্বাহ

By

Published : Oct 8, 2022, 10:28 PM IST

Updated : Oct 8, 2022, 10:48 PM IST

গুৱাহাটী, ৮ অক্টোবৰ: ২০২৪ চনৰ লোকসভা নিৰ্বাচনত (2024 Lok Sabha elections ) অসমত আসনৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে । এই উদ্দেশ্যে দলীয় কর্মী, কার্যকর্তাক উৎসাহিত কৰাৰ বাবে বিজেপি অসম প্ৰদেশৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'ৰ শুভ উদ্বোধন উপলক্ষে শনিবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ( Khanapara Veterinary College Playground) অনুষ্ঠিত হয় কাৰ্যকৰ্তা সন্মিলন ৷

অনুষ্ঠানত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকি মা কামাখ্যাৰ কৃপাত ৫০ হাজাৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিবলৈ সম্ভৱ হ’ল বুলি মন্তব্য কৰে (Home Minister Amit Shah at BJP workers' meet) ৷ গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰসংগত শংকৰদেৱ মাধৱদেৱ গোপীনাথ বৰদলৈৰ পৰা ভূপেন হাজৰিকাৰ নাম লয় । তেওঁ মোদী চৰকাৰৰ হোৱাৰ পিছতে অসমৰ লগতে উত্তৰ পূৱৰ ৰাজ্যসমূহৰ দিল্লীৰ দূৰত্ব কমি গ’ল বুলি উল্লেখ মন্তব্য কৰে ।

উত্তৰ পূৱৰ আন্তগাঠনি উন্নয়নৰ বাবে কোটি টকা খৰচ কৰিছে নৰেন্দ্ৰ মোডীয়ে । মোদীৰ নেতৃত্বতেই বড়োলেণ্ড, আদিবাসী, ত্ৰিপুৰা আদিৰ লগত বুজাবুজি হৈছে ৷ মোদীয়ে সমগ্ৰ অসমত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে কয় ৷ লগতে হৰ ঘৰ ত্ৰিৰংগা আঁচনিৰ (Har Ghar Tiranga Abhiyan_ যোগেদি সমগ্ৰ উত্তৰ পূৱবাসীয়ে ঘৰে ঘৰে ত্ৰিৰংগা (Har Ghar Tiranga) উৰুওৱাৰ বাবে সমগ্ৰ উত্তৰ পূৱবাসীক ধন্যবাদ জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰোপৰি আগন্তুক ৫ বছৰৰ ভিতৰত অসমক বানমুক্ত অসম গঢ়ি তুলিবৰ বাবে সংকল্প লোৱা হৈছে বুলিও উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে অসমৰ প্ৰতিখন জিলাত মেডিকেল কলেজ স্থাপন কৰা হ’ব বুলি মন্তব্য কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ৫ বছৰৰ ভিতৰত ২৪ খন মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ কমেও ১২ খন আসন বিজেপিয়ে লাভ কৰিব লাগিব বুলি মন্তব্য কৰে । অনুষ্ঠাত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ কমেও ১২ খন আসন বিজেপিয়ে লাভ কৰিব লাগিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:লভিতা নাটক কাৰ ! জ্যোতিপ্ৰসাদ আগৰৱালাৰ নে অভিজিৎ ভট্টাচাৰ্যৰ ?

Last Updated : Oct 8, 2022, 10:48 PM IST

ABOUT THE AUTHOR

...view details