গুৱাহাটী, 3 মাৰ্চঃ১৯৪৭ চনৰ গৃহৰক্ষী জোৱান আইন সংশোধন কৰাৰ প্ৰধান দাবী লৈ প্ৰতিবাদত বহিল গৃহৰক্ষী জোৱান সকল। চাকৰি নিয়ামীয়াকৰণ,দৰমহা বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ।
বাজেট অধিবেশনৰ দ্বিতীয় দিনা গৃহৰক্ষী জোৱানৰ উত্তাল প্ৰতিবাদ অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনা দিছপুৰ উত্তাল কৰিলে ৰাজ্যৰ গৃহৰক্ষী জোৱান সকলে। ১৯৪৭ চনৰ গৃহৰক্ষী জোৱান আইনখন বৰ্তমানৰ সময়োপযোগী হোৱাকৈ সংশোধন কৰাৰ দাবী
সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ। গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়ামীয়াকৰণৰ লগতে দৰমহা বৃদ্ধিও কৰাৰ দাবী গৃহৰক্ষী জোৱান সকলৰ। গৃহৰক্ষী জোৱান সকলৰ দাবী অতি শীঘ্ৰে পূৰণৰ কৰাৰ দাবীত লাষ্ট গেটত শতাধিক গৃহৰক্ষী জোৱানে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। যি সময়ত পাঞ্জাৱ, হাৰিয়ানা,দিল্লী আৰু লাক্ষাদ্বীপত গৃহৰক্ষী জোৱান সকলক ২০ হাজাৰ টকা দৰমহা প্ৰদান কৰাৰ লগতে উত্তৰ প্ৰদেশ,মধ্যপ্ৰদেশৰ দৰে ৰাজ্যই গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়ামীয়াকৰণ কৰিছে,সেই সময়তে অসমৰ গৃহৰক্ষী জোৱান সকলে অতি নিম্নমানৰ দৰমহাত ৰাজ্যৰ বাবে সেৱা আগবঢ়াই আছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী গৃহৰক্ষী জোৱান সকলে। প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰদান কৰি চৰকাৰে তেওঁলোকৰ দাবী সমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী গৃহৰক্ষী জোৱান সকলে।