অসম

assam

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 5:29 PM IST

Updated : Dec 18, 2023, 5:42 PM IST

ETV Bharat / state

আকৌ ব্যৰ্থ হ’ল গৃহ বিভাগ : সময়মতে স্পষ্ট কৰিব নোৱাৰিলে স্থিতি

APSC cash for job scam : প্ৰায় আঢ়ৈ বছৰৰ পাচতো অতিৰিক্ত সময় লাগে অসম চৰকাৰৰ গৃহ বিভাগক ৷ কিয়নো APSC কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই দাখিল কৰা প্ৰতিবেদনৰ স্থিতি স্পষ্ট কৰিব নোৱাৰিলে গৃহ বিভাগে ৷

APSC cash-for-job scam
ব্যৰ্থ হ’ল অসম চৰকাৰৰ গৃহ বিভাগ

নিউজ ডেস্ক, 18 ডিচেম্বৰ :আকৌ ব্যৰ্থ হ’ল অসম চৰকাৰৰ গৃহ বিভাগ ৷ কিয়নো ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত উচ্চ ন্যায়ালয়ক সবিশেষ জনোৱাত ৰাজ্যৰ গৃহ বিভাগ ব্যৰ্থ হ’ল ৷

APSC কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই দাখিল কৰা প্ৰতিবেদন কাৰ্যকৰীকৰণত কিয় পলম হৈছে সেই বিষয়ে স্পষ্ট কৰিবলৈ গৃহ বিভাগক উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল ৷ সেই অনুসৰি, আজি আছিল গৃহ বিভাগে স্থিতি স্পষ্ট কৰাৰ শেষ দিন ৷ অৰ্থাৎ 2023 চনৰ 18 ডিচেম্বৰটো আছিল শেষৰটো দিন ৷

কিন্তু স্বাভাৱিকতে এলেহুৱা গৃহবিভাগে আজি কোনোমতেই উচ্চ ন্যায়ালয়ত নিজৰ স্থিতি পৰিষ্কাৰ কৰিব নোৱাৰিলে ৷ ইয়াৰ বিপৰীতে আজি গৃহ বিভাগৰ ফালৰ পৰা অতিৰিক্ত সময় বিচাৰিহে উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হ’ল ৷ 2024 চনৰ 10 জানুৱাৰীতহে গৃহ বিভাগে নিজৰ স্থিতি পৰিষ্কাৰ কৰাৰ লগতে বিতংকৈ এই বিষয়ে উচ্চ ন্যায়ালয়ত অৱগত কৰিব পাৰিব বুলি জনোৱাৰ লগতে 10 জানুৱাৰী পৰ্যন্ত অতিৰিক্ত সময় বিচাৰে ৷

কিন্তু এতিয়া প্ৰশ্ন হয়, 2021 চনৰ 20 এপ্ৰিলতেই ন্যায়াধীশ শৰ্মাই তেওঁৰ প্ৰতিবেদন দাখিল কৰিছিল ৷ কিন্তু প্ৰায় আঢ়ৈ বছৰে সেই প্ৰতিবেদন কাৰ্যকৰীকৰণত ব্যৰ্থ হ’ল ৰাজ্যৰ গৃহ বিভাগ ৷ গৃহ বিভাগৰ এই গাফিলতিক লৈ স্বাভাৱিকতে অসন্তুষ্ট ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ৷

ইটিভি ভাৰত, অসমৰ সৈতে হোৱা এক বাৰ্তালাপত ন্যায়াধীশ শৰ্মাই তেওঁৰ এই অসন্তুষ্টিৰ কথা ব্যক্ত কৰে ৷ এতিয়া প্ৰশ্ন হ’ল, গৃহ বিভাগ কিম্বা আৰক্ষীৰ গাফিলতিৰ বাবেই বহু সময়ত দোষীয়ে ৰেহাই পাই অহাটো কোনো নতুন কথা নহয় ৷ গতিকে APSC কেলেংকাৰীৰ সন্দৰ্ভতো খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দুৱাৰ মৰা নীতি ল’ব নেকি গৃহ বিভাগে, সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক :APSC কেলেংকাৰী : CID ৰ কাৰ্যালয়ত উপস্থিত নিলম্বিত ASP ৰুমিৰ তিমুংপি

Last Updated : Dec 18, 2023, 5:42 PM IST

ABOUT THE AUTHOR

...view details