অসম

assam

ETV Bharat / state

ভোটগ্ৰহণৰ দিনকেইটা ৰাজ্যত ৰাজহুৱা বন্ধ ঘোষণা - election_polling

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে পৃথকে পৃথকে জাৰি কৰা তিনিখন অধিসূচনা অনুসৰি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটা 'এন আই এক্ট'ৰ ২৫ ধাৰাৰ অধীনত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বাবে ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে ।

ভোটগ্ৰহণৰ দিনকেইটা ৰাজ্যত ৰাজহুৱা বন্ধ
ভোটগ্ৰহণৰ দিনকেইটা ৰাজ্যত ৰাজহুৱা বন্ধ

By

Published : Mar 18, 2021, 7:49 PM IST

গুৱাহাটী,১৮ মাৰ্চ: তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটা ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে পৃথকে পৃথকে জাৰি কৰা তিনিখন অধিসূচনা অনুসৰি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটা 'এন আই এক্ট'ৰ ২৫ ধাৰাৰ অধীনত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বাবে ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে ।

অধিসূচনা অনুসৰি প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'ব লগা ৪৭ টা বিধানসভা সমষ্টিৰ বাবে ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ৰ ৩৯ টা সমষ্টিৰ বাবে ১ এপ্ৰিলত আৰু তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিৰ বাবে ৬ এপ্ৰিলত এই ৰাজহুৱা বন্ধৰ দিন প্ৰযোজ্য হ'ব । এই ৰাজহুৱা বন্ধৰ জাননী অনুসৰি প্ৰতিটো পৰ্যায়তে ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত হ'ব লগা বিধানসভা সমষ্টিসমূহৰ এলেকাধীন সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰাঞ্চলৰ স্থানীয় নিকায়, শিক্ষানুষ্ঠানৰ লগতে বেংক, চাহ বাগিচা, কল-কাৰখানা আদি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ভোটগ্ৰহণৰ দিনটোত বন্ধ থাকিব ।

ভোটগ্ৰহণৰ দিনকেইটা ৰাজ্যত ৰাজহুৱা বন্ধ

উল্লেখ্য যে, প্ৰথম পৰ্যায়ত ২৭ মাৰ্চত ৪৭ টা সমষ্টি ক্ৰমে শদিয়া, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, তিনিচুকীয়া, চাবুৱা, নাহৰকটীয়া, টিংখাং, দুলীয়াজান, লাহোৱাল, ডিব্ৰুগড়, মৰাণ, জোনাই, ধেমাজি, ঢকুৱাখনা, লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া, শিৱসাগৰ, থাওৰা, সোণাৰি, মাহমৰা, নাজিৰা, আমগুৰি, টীয়ক, মৰিয়নী, তিতাবৰ, মাজুলী, যোৰহাট, দেৰগাঁও, খুমটাই, গোলাঘাট, সৰুপথাৰ, বোকাখাত, কলিয়াবৰ, চামগুৰি, ৰূপহীহাট, বটদ্ৰৱা, ধিং, গহপুৰ, বিহালী, বিশ্বনাথ, চতিয়া, ৰঙাপাৰা, তেজপুৰ, বৰচলা আৰু ঢেকীয়াজুলিত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

সেইদৰে, দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিলত ৩৯ টা সমষ্টি ক্ৰমে লামডিং, হোজাই, যমুনামুখ, বঢ়মপুৰ, নগাঁও, ৰহা, লাহৰীঘাট, মৰিগাঁও, জাগীৰোড, মাজবাট, ওদালগুৰি, দলগাঁও, মঙলদৈ, ছিপাঝাৰ, কলাইগাঁও, পানেৰী, নলবাৰী, ৰঙিয়া, কমলপুৰ, বৈঠালাংছ', ডিফু, হাওৰাঘাট, বোকাজান, হাফলং, কাটিগড়া, বৰখোলা, লক্ষীপুৰ, উদাৰবন্দ, ধলাই, সোণাই, শিলচৰ, আলগাপুৰ, কাটলিচেৰা, হাইলাকান্দি, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰাতাবাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

আনহাতে, তৃতীয় পৰ্যায়ত ৬ এপ্ৰিলত ৪০ টা সমষ্টি ক্ৰমে চাপাগুৰি, বৰমা, ধৰ্মপুৰ, বৰক্ষেত্রী, তামুলপুৰ, হাজো, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী, দিছপুৰ, জালুকবাৰী, পলাশবাৰী, ছয়গাঁও, বকো, চেঙা, সৰুক্ষেত্রী, বাঘবৰ, জনিয়া, বৰপেটা, পাটাছাৰকুছি, ভৱানীপুৰ, সৰভোগ, জলেশ্বৰ, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, দুধনৈ, দক্ষিণ অভয়াপুৰী, উত্তৰ অভয়াপুৰী, বিজনী, বঙাইগাঁও, চিদলী, পূৱ কোকৰাঝাৰ, পশ্চিম কোকৰাঝাৰ, গোঁসাইগাঁও, পূৱ বিলাসীপাৰা, পশ্চিম বিলাসীপাৰা, গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, দক্ষিণ শালমাৰা আৰু মানকাচৰত নিৰ্বাচন অনুষ্ঠিত হ'ব । এইবাৰ ৰাজ্যৰ ৩৩,৫৩০ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ পৰ্ব সম্পন্ন হ'ব ।

অন্য এক খবৰৰ বাবে: মাজুলীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details