গুৱাহাটী, 8 ডিচেম্বৰ: ফুটবলৰ পাচতে এইবাৰ দেশজুৰি হকীৰ জ্বৰ (Hockey World Cup 2022) ৷ ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকীৰ বিশ্বকাপ এইবাৰ অনুষ্ঠিত হ’ব ওডিশাত ৷ অহা ১৩ জানুৱাৰীৰ পৰা ওডিশাত অনুষ্ঠিত হ’বলগা এই হকী বিশ্বকাপৰ ট্ৰফী সমগ্ৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যলৈ লৈ যোৱা হ’ব (Hockey World Cup Trophy in Guwahati) । বৃহস্পতিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ পৰা গুৱাহাটীলৈ লৈ অনা হয় এই বিশ্বকাপৰ ট্ৰফীটো ৷
বৰঝাৰ বিমানবন্দৰত গায়ন-বায়ন সহিতে উষ্ম আদৰণি জনোৱাৰ পিছত মটৰ চাইকেল সমদলেৰে গুৱাহাটী বিশ্ববিদ্যালয়লৈ লৈ যোৱা হয় এই ট্ৰফীটো ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে উষ্ম আদৰণি জনায় বিশ্বকাপৰ ট্ৰফীটোক ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ৰঞ্জন কাকতি আৰু বিশ্ববিদালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত ট্ৰফীটো দেখুওৱা হয় ৷
ওডিশাৰ পৰা যাত্ৰা আৰম্ভ কৰা এই ট্ৰফীটোৰ যাত্ৰা ওডিশাতেই সমাপ্ত হ’ব ৷ গুৱাহাটীলৈ লৈ অনাৰ যাত্ৰাপথত গীতাৰ্থ গোস্বামী আৰু ড৹ তপন দাসে সংগ দিয়ে ওডিশাৰ দলটোক ৷ গুৱাহাটীত হকী খেলপথাৰত আৰু খানাপাৰাত বিশেষ কাৰ্যসূচী ৰূপায়ণৰ পিছত শুকুৰবাৰ অসম ভ্ৰমণ কাৰ্যসূচী সামৰি ঝাৰখণ্ডলৈ লৈ যোৱা হ’ব ট্ৰফীটো ।