অসম

assam

ETV Bharat / state

আৰোগ্য নিধি ৰূপায়ণ সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক - Assam health minister

অসম আৰোগ্য নিধিৰ লগতে অটল অমৃত অভিযান, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে অধিকসংখ্যক হিতাধিকাৰীক উপকৃত কৰিব পৰাকৈ আঁচনিসমূহ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ পোষকতা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ।

arogya nidhi
আৰোগ্য নিধিৰ ৰূপায়ণ সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

By

Published : Jun 12, 2021, 10:39 PM IST

গুৱাহাটী,১২ জুন: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(NHM) অসমৰ গুৱাহাটীস্থিত কাৰ্যালয়ত শনিবাৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই 'অসম আৰোগ্য নিধি'ৰ(Assam Cure Fund) ৰূপায়ণ কাৰ্য সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

আৰোগ্য নিধিৰ ৰূপায়ণ সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, স্বাস্থ্য সঞ্চালক, উপ-সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিখনৰ সকলো দিশ সামৰি বিস্তৃতভাৱে আলোচনা কৰা হয় ।

অসম আৰোগ্য নিধিৰ লগতে অটল অমৃত অভিযান(Atal Amrit Abhiyan), প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ (Ayushman Bharat Yojana) জৰিয়তে অধিক সংখ্যক হিতাধিকাৰীক উপকৃত কৰিব পৰাকৈ আঁচনিসমূহ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ পোষকতা কৰে মন্ত্রী কেশৱ মহন্তই । বৈঠকৰ পিছতে মন্ত্রীগৰাকীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ৰাজ্যিক কাৰ্যালয়ত কৰ্মৰত বিষয়া আৰু কাৰ্যবাহীসকলৰ সৈতে এক আনুষ্ঠানিক পৰিচয় পৰ্বৰ লগতে সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়।

লগতে পঢ়ক:চৰাইদেউত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details