গুৱাহাটী,৩ অক্টোবৰ :গুৱাহাটীৰ ৰুক্মিনী গাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰিলে জামিন । যিটো ঘটনা বিশেষভাৱে চৰ্চালৈ আহিছে । কাৰ্ফিউ চলি থকা সময়ত নিশা সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰা ৰাজকন্যা বৰুৱাই কেনেকৈ পালে জামিন ? তাক লৈও চলিছে চৰ্চা ৷
অভিযোগ অনুসৰি দিছপুৰ থানাৰ গাফিলতিৰ বাবেই যুৱতীগৰাকীয়ে জামিন লাভ কৰিবলৈ সক্ষম হ'ল । উল্লেখ্য যে, শুকুৰবাৰৰ নিশা প্ৰায় ১.৩০ বজাত পঞ্চতাৰকা হোটেলত পাৰ্টি কৰি ঘৰলৈ উভতাৰ পথত ৰাজকন্যা বৰুৱাই ৰুক্মিণী গাঁৱৰ সমীপত ৰাজপথত কৰ্মৰত হৈ থকা ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়ে । এই ভয়ংকৰ দুৰ্ঘটনাত এজন শ্ৰমিকৰ ভৰি ছিঙি দুটুকুৰা হৈছিল ।