গুৱাহাটী, ৩১ জুলাই :গুৱাহাটী মহানগৰীখনত জড়িত হৈ আছে বহু ইতিহাস । গুৱাহাটী মহানগৰীৰ অতি পুৰণি অঞ্চল হৈছে মাছখোৱা । অতি ব্যস্ততাপূৰ্ণ মাছখোৱাতে আছে ১২৩ বছৰীয়া গুৱাহাটীৰ প্ৰথম ঈদগাহ ৷ ই ব্ৰহ্মপুত্ৰ উপত্যকাৰো প্ৰথম ঈদগাহ হ’ব পাৰে ৷ কাৰণ ইয়াতকৈ পুৰণি ঈদগাহৰ তথ্য নাই ৷ য’ত ঈদৰ সময়ত গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ ইছলাম ধৰ্মালম্বী লোকে সমূহীয়া নামাজত অংশ গ্ৰহণ কৰে । এই ঈদগাহ খনৰ আছে বহু ইতিহাস ।
১২৩ বছৰ আগৰ পৰা আজিৰ পৰ্যায় কিদৰে পালে ঈদগাহখনে, তাৰ দীঘলীয়া ইতিহাস আছে । ঈদৰ সমূহীয়া নামাজৰ উপৰিও ঈদগাহ খনত ঈদক্ৰীড়া আৰু ঈদ মেহফিল আদি হৈছিল । ড৹ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাও ঈদ মেহফিলবোৰত অংশগ্ৰহণ কৰিছিল ।
ঈদ মেহফিলৰ সাংস্কৃতিক কাৰ্যসূচীত সংগঠিত কৰাত আগভাগ গ্ৰহণ কৰিছিল মোৱাজ্জিন আলী, দোস্ত হবিবুৰ ৰহমান, মিৰেল কুদ্দুছৰ দৰে অসমৰ আগশাৰীৰ অভিনেতাই ৷ গুৱাহাটী ঈদগাহৰ ইতিহাস সম্পৰ্কে মাছখোৱাৰ পুৰণি স্থানীয় বাসিন্দা তথা গুৱাহাটীৰ ইতিহাস গৱেষণাৰ আকৰ্ষক মছদ্দৰ হুছেইনে ই টি ভি ভাৰতক বহুখিনি তথ্য আগবঢ়ায় ৷
তেওঁ কয়, ‘‘মাছখোৱাৰ ঈদগাহক গুৱাহাটী ঈদগাহ বুলি কোৱা হয় ৷ মাখোৱাৰ গুৱাহাটী ঈদগাহৰ লিখিত ইতিহাস পাবলৈ নাই ৷ যোৱা শতিকাৰ শেষত ইয়াৰ তথ্য বিচাৰি সেই সময়ৰ গুৱাহাটী ঈদগাহৰ সাধাৰণ সম্পাদক মৰহুম ইকবাল আহমেদৰ লগত কথা পাতিছিলো ৷ ইকবাল আহমেদেও ইতিমধ্যে ঈদগাহৰ ইতিহাস খুচৰি আছিল ৷ মৰহুম আব্দুল খালেক আৰু আন বয়োজ্যেষ্ঠ ব্যক্তিৰ লগত আলোচনা আৰু বহু বিচাৰ-খোচাৰ কৰি মাছখোৱাৰ বৰ্তমানৰ ঈদগাহৰ স্থানত ১৯০১ চনত প্ৰথম মুকলি আকাশৰ তলত ঈদৰ নামাজ পঢ়া বুলি অনুমান কৰা হৈছিল ৷’’
হুছেইনে লগতে কয়, ইয়াৰ পূৰ্বে গুৱহাটীৰ মছজিদবোৰতহে ঈদৰ নামাজ পঢ়া হৈছিল ৷ মাছখোৱাতে সেইসময়ত তিনিটা মছজিদ আছিল ৷ আজিও সেই তিনিটা মছজিদেই আছে, নতুন মছজিদ হোৱা নাই’’ ৷
তেওঁ আৰু কয়, ‘‘প্ৰথমটো মছজিদ আনুমানিক ১৮২২ চন মানত স্থাপিত হৈছিল ৷ মাছখোৱাৰ ফৈয়াজ আহমেদ পথত থকা বুঢ়া মছজিদটোৱেই মাছখোৱাৰ প্ৰথম মছজিদ ৷ ইয়াৰ পাচত ১৮৭০ চনত দ্বিতীয়টো মছজিদ মাছখোৱা চাৰি আলিত নিৰ্মিত হয় ৷ ইয়াক পক্কা মছজিদ বুলি কোৱা হয় ৷
ইকবাল আহমেদ আৰু মাছখোৱাৰ ডেকাসকলৰ উদ্যোগত শতবৰ্ষ উপলক্ষে এক দোৱাৰ আয়োজন কৰা হৈছিল । সেই সময়ৰ ঈদগাহখন বৰ্তমানতকৈ প্ৰায় দুগুণ ডাঙৰ আছিল ৷ বৰ্তমানৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ মাটিখিনিও ঈদাগাহৰ অন্তৰ্ভুত আছিল’’ ৷
মাছখোৱাৰ এএছটিচি আস্থান, হেণ্ডলুম টেক্সটাইলৰ মাটি (পূৰ্বৰ কৃষি বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ স্থান), গুৱাহাটী ঈদগাহ - এই সকলোখিনি মিলি এডোখৰ ডাঙৰ মুকলি ঠাই আছিল ৷ উক্ত মুকলি স্থানখিনিত সৰু, ডাঙৰ, এ ডিভিজন, বি ডিভিজন ফুটবল খলুৱৈসকলে নিয়মীয়াকৈ ভাগে ভাগে খেলিছিল, অনুশীলন কৰিছিল, প্ৰতিযোগিতাৰ আয়োজন কৰিছিল ৷ ইয়াত খেলিবলৈ ফটাশিল, আঠগাঁও, কুমাৰপাৰা, মাছখোৱা, ভৰলুমুখ, শান্তিপুৰকে ধৰি পশ্চিম গুৱাহাটীৰ সকলো অঞ্চলৰ ফুটবল খেলুৱেসকলৰে মুকলি পথাৰখিনি ভৰি পৰিছিল ৷
চি ডিভিজনৰ ল’ৰাবোৰে দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰৰ সন্মুখৰ মুকলি পথাৰত খেলিছিল ৷ তাতেই প্ৰথম পশ্চিম গুৱাহাটী বিহু সন্মিলন অনুষ্ঠিত হৈছিল ৷ পাচলৈ বিহু সন্মিলনখন সোণাৰাম খেলপথাৰলৈ স্থানান্তৰ হয় ৷ দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰৰ সন্মূখৰ তেতিয়াৰ মুকলি স্থানডোখৰতে বৰ্তমানৰ ফুকন পাৰ্ক গঢ়ি উঠিছে ৷
১৯৬৩ চনত শৰাইঘাট দলঙেদি যান-বাহন চলাচল কৰাৰ সময়তে উত্তৰ পাৰৰ পৰা গুৱাহাটীলৈ অহা বাছৰ বাবে আস্থান হিচাপে ঈদগাহৰ পূব অংশটো চৰকাৰে ৰিজাৰ্ভ কৰে ৷ শৰাইঘাটৰ দলং মুকলি হোৱাৰ পিচত গুৱাহাটীৰ বৰ্ধিত যানবাহনৰ চলাচলৰ পৰিকল্পনা কৰিবলৈ সেই সময়ত শ্বিলঙত যানবাহন আৰক্ষীৰ (traffic police)ৰ দক্ষ বিষয়া প্ৰফুল্ল চন্দ্ৰ চৌধুৰীক গুৱাহাটীলৈ বদলি কৰি অনা হৈছিল ৷
উল্লেখযোগ্য যে, অসমৰ সেই সময়ৰ ৰাজধানী শ্বিলঙৰ ট্ৰেফিক চিষ্টেম নতুনকৈ পৰিকল্পনা কৰি প্ৰফুল্ল চন্দ্ৰ চৌধুৰী অসম চৰকাৰৰ প্ৰশংসাৰ পাত্ৰ হৈছিল ৷ চৌধুৰীয়ে নামনি অসমৰ বাছ আস্থান হিচাপে ফাঁচীবজাৰৰ সমীপৰ এই ঠাইডোখৰ পচন্দ কৰে ৷
তেখেতে প্ৰথমতে গুৱাহাটী ঈদগাহ কমিটিৰ বিষয়ববীয়াসকলৰ লগত বিষয়টোলৈ কথা পাতে ৷ তেতিয়াৰ সৰু গুৱাহাটীখনত ঈদৰ নামাজত আজিৰ দৰে ইমান ডাঙৰ সমাৱেশ নহৈছিল ৷ বৃহত্তৰ স্বাৰ্থৰ কথা বুলি বিবেচনা কৰি ঈদগাহ কমিটিয়ে প্ৰফুল্ল চন্দ্ৰ চৌধুৰীৰ প্ৰস্তাৱত সাদৰ সন্মতি জনায় ৷ চৌধুৰীয়ে তেতিয়া চৰকাৰৰ ওচৰত প্ৰস্তাৱ দি বাছ আস্থানৰ দেৱাল নিৰ্মাণ কৰি ঈদগাহৰ বাবে সুকীয়াকৈ মাটিডোখৰ চিহ্নিত কৰে ৷
১৯৮৯ চনত নামনি অসম বাছ আস্থান বৰ্তমানৰ গড়পাণ্ডু (আদাবাৰী)লৈ উঠি যোৱাত নতুনকৈ মুকলি হোৱা স্থানডোখৰত এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱকলৈ মাছখোৱা, কুমাৰপাৰাৰ ৰাইজে তেতিয়াৰ ১৩ নং ৱাৰ্ড নাগৰিক কমিটিৰ বেনাৰত ‘‘পশ্চিম গুৱাহাটীত সাৎস্কৃতিক প্ৰকল্প নিৰ্মাণ সমিতি’’ নামেৰে এটা অনুষ্ঠানৰ জন্ম দিয়ে ৷ ইয়াৰে ফলশ্ৰুতি হৈছে বৰ্তমানৰ ‘‘প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প’’ ৷