অসম

assam

By

Published : Jul 26, 2019, 7:47 AM IST

ETV Bharat / state

ইতিহাসত আজিৰ দিনটো

জানো আহক বিশ্বৰ ইতিহাসত 26 জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ সবিশেষ-:

ইতিহাসত আজিৰ দিনটো

ৰাজ্য

2013 চনৰ আজিৰ দিনটোতে সাহিত্যিক, শিক্ষাবিদ নাৰায়ণ ঘাটোৱাৰৰ মৃত্যু হয়

ৰাষ্ট্ৰীয়

1856 চনত আজিৰ দিনটোত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।

26 জুলাই দিনটো ভাৰতবৰ্ষত কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয় ৷ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ সমাপ্তি ঘটিছিল আৰু ভাৰতে পাক অধিকৃত ভাৰত ভূমিত পুনৰ বিজয় ধ্বজা উৰুৱাইছিল ।

2002 চনৰ আজিৰ দিনটোত ছত্তিশগড়ত প্ৰথম শ্বুটিং প্ৰতিযোগিতাৰ আৰম্ভ হয় ৷

2008 চনৰ আজিৰ দিনটোত গুজৰাটৰ আহমেদাবাদৰ 21 স্থানত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰায় 56 জন লোক নিহত হোৱাৰ লগতে 200 ৰো অধিক লোক আহত হয় ৷

2009 চনৰ আজিৰ দিনটোত ভাৰতে প্ৰথমখন পৰমাণু শক্তি সম্পন্ন ছাবমেৰিণ আই এন এছ অৰিহন্ত মুকলি কৰে ৷ ইয়াৰ লগে লগে ভাৰতবৰ্ষ পৰমাণু শক্তি সম্পন্ন ছাবমেৰিণ আৰম্ভ কৰা ষষ্ঠখন দেশত পৰিগণিত হয় ৷

আন্তঃৰাষ্ট্ৰীয়

1956 চনৰ আজিৰ দিনটোত মিচে ছুৱেজ খালৰ ৰাষ্ট্ৰীয়কৰণ কৰে ৷

1953 চনৰ আজfৰ দিনটোত ফুলজেঞ্চিৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে ফিডেল কেষ্ট্ৰোৰ নেতৃত্বত কিউবাত আন্দোলন আৰম্ভ হয় ৷

আজি মালদ্বীপৰ স্বাধীনতা দিৱস ৷ ১৯৬৫ চনৰ আজিৰ দিনটোতে মালদ্বীপে গ্ৰেট বিটেইনৰ লগত চুক্তিত স্বাক্ষৰ কৰি স্বাধীনতা লাভ কৰিছিল ।

2007 চনৰ আজিৰ দিনটোত পাকিস্তানে পাৰমাণৱিক শক্তি সম্পন্ন ক্ৰুজ মিছাইল বাবৰ হফত 7 ৰ সফলতাপূৰ্ণ পৰীক্ষণ কৰে ৷

2017 চনৰ আজিৰ দিনটোত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ যুগান্তকাৰী পৰিৱৰ্তন সলনি কৰি সেনাবাহিনীত তৃতীয় লিংগৰ লোকৰ অন্তৰ্ভুক্তিকৰণত নিষেধাজ্ঞা জাৰি কৰে ৷

ABOUT THE AUTHOR

...view details