ৰাজ্য
1952 চনৰ আজিৰ দিনটোতে বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ জন্ম হৈছিল । ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা । তেওঁ মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে বিখ্যাত ।
ৰাষ্ট্ৰীয়
1937 চনৰ আজিৰ দিনটোতে বিশিষ্ট অভিনেতা তথা পৰিচালক মনোজ কুমাৰৰ জন্ম হয় ৷ ভাৰতীয় চলচিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক 1992 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে । মনোজ কুমাৰৰ প্ৰকৃত নাম হৰিকিশান গিৰি গোস্বামী ৷
1983 চনৰ আজিৰ দিনটোতে যশশ্ৰী অভিনেতা মহাদেৱী বাৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয় ।
1985 চনৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী আৰু লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয় ৷ পাজ্ঞাৱৰ সমস্যাৰ স্থায়ী সমাধানৰ জৰিয়তে পাজ্ঞাৱত শান্তি স্থাপনৰ কাৰণে এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল ।
1997 চনৰ আজিৰ দিনটোতে বাংলা ঔপন্যাসিকা মহাশ্বেতা দেৱীলৈ ৰমণ মেগছেছ বঁটা ঘোষণা কৰা হয় । ৰমণ মেগছেছ বঁটা এছিয়াৰ ন'বেল বঁটা হিচাপে পৰিচিত আৰু এছিয়াৰ ব্যক্তি তথা সংগঠনক প্ৰদান কৰা সৰ্বো্চচ পুৰস্কাৰ ।
1997 চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গুলজাৰিলাল নন্দ আৰু অৰুণা আছফ আলীলৈ (মৰণোত্তৰভাৱে) দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন ঘোষণা কৰা হয় ।
2000 চনৰ আজিৰ দিনটোতে এছ বিজয়লক্ষ্মীয়ে গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰে । এছ বিজয়লক্ষ্মী গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ।
2007 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে শপত গ্ৰহণ কৰে ।
আন্তঃৰাষ্ট্ৰীয়
1793 চনৰ আজিৰ দিনটোতে ফ্ৰান্সত প্ৰথম কপিৰাইট আইন কাৰ্যকৰী কৰা হয় ।
1897 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত মহিলা বৈমানিক আমেলি ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল । 1932 চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল ।
1969 চনৰ আজিৰ দিনটোতে মহাকাশযান এপ'ল-11 য়ে পৃথিৱীত প্ৰত্যাৰ্পন কৰে । এপ'ল -11 ৰ জৰিয়তে মাৰ্কিন মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল ৷
2005 চনৰ আজিৰ দিনটোতে কোৰিয়ান অঞ্চলসমূহক পৰমাণু অস্ত্ৰ ব্যৱহাৰৰ পৰা মুক্ত ৰখাৰ কাৰণে উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ ঐক্যমতত উপনীত হৈছিল ।
2017 চনৰ আজিৰ দিনটোত প'লিছ (Polish) ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাই প'লিছ ন্যায়ালয়ক ৰাজনৈতিক নিয়ন্ত্ৰণলৈ আনিবলৈ 2খন আইন প্ৰণয়ন কৰিছিল ৷
2017 চনৰ আজিৰ দিনটোত পাকিস্তানৰ লাহোৰত মটৰচাইকেলত অহা তালিবানী আত্মঘাতী বোমা বিস্ফোৰণত প্ৰায় 26 জন লোক নিহত হোৱাৰ লগতে প্ৰায় অৰ্ধশতাধিক লোক আহত হয় ।