গুৱাহাটী, ২ ফেব্ৰুৱাৰী : ৰাজ্যৰ ৪০ লাখ ডি ভোটাৰক লৈ চিন্তিত বৌদ্ধিক মহল । শুকুৰবাৰে ৰাজ্যৰ ৪০ লাখ ডি ভোটাৰৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ মহানগৰীৰৰ ডনবস্ক স্কুলত শুনানি গ্ৰহণ কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশ গোপালা গৌড়াৰ অধ্যক্ষতাত আয়োজিত শুনানি প্ৰক্ৰিয়াত প্ৰত্যকগৰাকী ডি ভোটাৰৰ সমস্যাৰ বুজ লোৱা হয় ।
'উন্নয়নৰ সংজ্ঞা হোটেল অথবা ৰিৰ্জট নহয় ' ! - উচ্চ ন্যায়ালয়
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ ড০ হীৰেণ গোঁহাই, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ
উক্ত অনুষ্ঠানটোতে উপস্থিত থাকি ৰাজ্যখনৰ বিশিষ্ট বুদ্ধিজীৱি ড০ হিৰেণ গোহাঁই মন্তব্য কৰে যে, ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে পোন পোটীয়াকৈ কেন্দ্ৰীয় চৰকাৰ জগৰীয়া । সকলো ডি ভোটাৰক মানৱীয়তাৰ দৃষ্টি ভংগীৰে চোৱা উচিত । তেওঁ কয় যে, হোটেল ৰিৰ্জট খুলিলেই উন্নয়ন নহয় । ঔপনিৱেশিক কালৰ পৰা কোনো এখন চৰকাৰে অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ন্যায় কৰা নাই । ইয়াৰে জনসাধাৰণৰ অভাৱ অভিযোগ, আৱেগ অনুভূতিৰ প্ৰতি কোনো কৰ্ণপাত কৰা নাই । ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুদ্ধিজীৱিগৰাকীয়ে কয় যে, যেতিয়াই ৰাইজে চৰকাৰৰ অন্যায় বিৰুদ্ধে মাত মাতে, তেতিয়াই তাত তেওঁলোকে তৃতীয় শক্তি জড়িত থকাৰ উমান পায় ।