অসম

assam

ETV Bharat / state

অলপতে বিচলিত নোহোৱা তেওঁৰ আজিৰ ওপজা দিন ....

আজি হীৰুদাৰ ওপজা দিন ৷ 1932 চনৰ 28 জুলাই তাৰিখে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল সুগন্ধি পখিলাৰ কবিগৰাকীয়ে ৷

অলপতে বিচলিত নোহোৱা তেওঁৰ আজিৰ ওপজা দিন ....

By

Published : Jul 28, 2019, 3:14 PM IST

“ইমান অলপতে বিচলিত হ’লে

তোমাৰ বাৰু কেনেকৈ চলে ?”

শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |কবি মই নাছিলো কোনোকালে

ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ

সত্যক সহজে ল’বলৈ শিকালে |কবি মই নাছিলো কোনোকালে |

মৃত্যুক শিল্পৰ আকাৰ দি জীৱনৰ কঠিন শিলত আঁকিব খোজা কবি হীৰেণ ভট্টাচাৰ্যৰ আজি জন্মদিন । আজিৰ দিনটোতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মৰণ কৰা হ’ব কবিগৰাকীক ৷ 1932 চনৰ 28 জুলাইত যোৰহাট জিলাত জন্মগ্ৰহণ কৰা হীৰুদা কেৱল এজন জনপ্ৰিয় কবিয়ে নহয় এগৰাকী গীতিকাৰ হিচাপেও সকলোতে পৰিচিত । একেলেঠাৰিয়ে তেওঁ আছিল এজন সাংবাদিকও, জনপ্ৰিয় আলোচনী 'প্ৰান্তিকৰ' কাব্য বিভাগৰ সম্পাদক পদত তেওঁ বহুদিন কাৰ্যনিৰ্বাহ কৰিছিল । বহু কেইখন কালজয়ী কাব্যগ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি যোৱা হীৰুদাই 1992 চনত 'শইচৰ পথাৰ মানুহ' কাব্য সংকলনৰ বাবে লাভ কৰে সন্মানীয় সাহিত্য অকাডেমী বঁটা । 2000 চনত অসম উপত্যকা বঁটাৰে অসম চৰকাৰে সন্মানিত কৰিছিল হীৰুদাক ৷ জীৱনকালত তেওঁ তেৰখন অসমীয়া কবিতাপুথি আৰু দুখন বাংলা পুথিৰে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল ৷ হীৰুদাৰ মতে কবিতাবোৰ হ'ব লাগে জীৱনৰ লগত সম্পৰ্কিত । তেনেই সাধাৰণ শব্দৰ ব্যৱহাৰ কৰি লিখা হিৰুদাৰ কবিতাবোৰ আছিল ভাৱত তত্বগধূৰ কিন্তু সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল । তাৰে উদাহৰণ তেওঁৰ এই কবিতাৰ শাৰীবোৰ

তুমিটো জানাই

এই কবিৰ আৰু একো নাই


এটাই মাথোঁ কামিজ

তাৰো ছিগো-ছিগো চিলাই

প্ৰেম নিশ্চয় এনেকুৱাই

আৱৰণ খুলি হৃদয় জুৰাই

— ভোগালী (1971)

মৃত্যুক জীৱনৰ কঠিন শিলত এটি নিৰ্লোভ ভাস্কৰ্য্য হিচাপে সজাব খোজা এইগৰাকী সুগন্ধী পখিলাৰ কবিৰ ওপজা দিনত আমিও জনাইছো শ্ৰদ্ধা ৷

ABOUT THE AUTHOR

...view details