গুৱাহাটী, 23 জানুৱাৰীঃ সামৰণি পৰিল খেল’ ইণ্ডিয়া ২০২০ শীৰ্ষক ক্ৰীড়া অনুষ্ঠানৰ। এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰে সমাপ্ত হ’ল যুৱ ক্ৰীড়া সমাৰোহখনি । ৭৬ টা পদক অৰ্জনেৰে পদক তালিকাৰ সপ্তম স্থানত অটুট থাকিল আয়োজক ৰাজ্য অসম। খেল’ ইণ্ডিয়াৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি চৰকাৰৰ বহুকেইজন প্ৰতিনিধি ৷ ৰাইজৰ সহায়-সহযোগিতাৰ বাবে সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনি সফলতাৰে সমাপ্ত কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰী সোণোৱালে প্ৰকাশ কৰে । এই সমাৰোহৰ জৰিয়তে অসমৰ গাঁৱে-ভূঞে লুকাই থকা প্ৰতিভাসমূহ জিলিকি উঠিবলৈ সক্ষম হৈছে ৷ আগন্তুক সময়তো খেলৰ দিশটোত অসমে বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। অসমে এই সমাৰোহত সপ্তম স্থান লাভ কৰি পৰৱৰ্তী প্ৰজন্মৰ মনোবল বৃদ্ধি কৰিছে । গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আৰু অনুষ্ঠিত কৰা হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একান্ত প্ৰচেষ্টাৰ বাবেহে এয়া সম্ভৱপৰ হৈ উঠিছে সোণোৱালে ভাষণত উল্লেখ কৰে ৷
আনহাতে,কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মতে বিগত বৰ্ষতকৈ বহু পৰিমাণে সফলতাপূৰ্বকভাৱে সামৰণি পৰিছে এই বৰ্ষৰ খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ । এইক্ষেত্ৰত অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । আয়োজক ৰাজ্য অসমৰ প্ৰদৰ্শন বহুপৰিমাণে ভাল হোৱা বুলি ৰিজিজুই উল্লেখ কৰে ৷ লগতে মণিপুৰৰ খেল পূৰ্বৰ তুলনাত শোচনীয় হৈছে । কিন্তু সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰদৰ্শন আশাপ্ৰদ আছিল বুলি কিৰেণ ৰিজিজুৱে মন্তব্য প্ৰকাশ কৰে ৷