অসম

assam

ETV Bharat / state

DNA পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰক মুছলমান বাংলাদেশীকঃ প্ৰবীণ তোগাড়ীয়া - Deportation of Muslim Bangladeshis

২০ বছৰৰ ভিতৰত 'দা কাশ্মীৰ ফাইলছ' ছবিখনৰ দৰে দা অসম ফাইলছ ছবি নিৰ্মাণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব । এতিয়া, ডিএনএ পৰীক্ষাৰ দ্বাৰা এনআৰচিৰ উন্নীতকৰণৰ কাম কৰিব লাগে (Deportation of Muslim Bangladeshis based on DNA test) ৷ এই মন্তব্য, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ তোগাড়ীয়াৰ ৷

hindu-religious-leader-demands-deportation-of-muslim-bangladeshis-based-on-dna-test
এইবাৰ হিদুত্ববাদী নেতাৰ মুখত DNA পৰীক্ষা কৰি মুছলমান বাংলাদেশীক বিতাড়ন কৰাৰ প্ৰসংগ!

By

Published : Apr 5, 2022, 5:29 PM IST

Updated : Apr 5, 2022, 5:45 PM IST

গুৱাহাটী, 5 এপ্ৰিল :অসমত এবছৰৰ ভিতৰত ১৯৫১ চনক ভিত্তি চন হিচাপে লৈ এন আৰ চি নতুনকৈ পুনৰ উন্নীতকৰণ কাম আৰম্ভ নকৰিলে আৰু অসমত থকা ৫০ লাখ অবৈধ মুছলিম বাংলাদেশীক বিতাড়ন নকৰিলে অহা ২০ বছৰৰ ভিতৰত অসমৰ অৱস্থা ৩২ বছৰ পূৰ্বৰ কাশ্মীৰৰ দৰে অৱস্থা হ'ব। তেতিয়া ২০ বছৰৰ ভিতৰত 'দা কাশ্মীৰ ফাইলছ' ছবিখনৰ দৰে দা অসম ফাইলছ ছবি নিৰ্মাণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব ।

অসমত এবছৰৰ ভিতৰত ১৯৫১ চনক ভিত্তি চন হিচাপে লৈ এন আৰ চি নতুনকৈ পুনৰ উন্নীতকৰণ কাম আৰম্ভ নকৰিলে আৰু অসমত থকা ৫০ লাখ অবৈধ মুছলমান বাংলাদেশীক বিতাড়ন (Deportation of Muslim Bangladeshis ) নকৰিলে অহা ২০ বছৰৰ ভিতৰত অসমৰ অৱস্থা ৩২ বছৰ পূৰ্বৰ কাশ্মীৰৰ দৰে হ'ব । গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে অনুষ্ঠিত এখন সংবাদ মেলত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ তোগাড়ীয়াই এই মন্তব্য কৰে ।

এইবাৰ হিদুত্ববাদী নেতাৰ মুখত DNA পৰীক্ষা কৰি মুছলমান বাংলাদেশীক বিতাড়ন কৰাৰ প্ৰসংগ!

তেওঁ কয় যে, তেতিয়া ২০ বছৰৰ ভিতৰত দা কাশ্মীৰ ফাইলছ্ ছবিখনৰ দৰে দা অসম ফাইল ছবি নিৰ্মাণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব । হিদুত্ববাদী নেতা প্ৰবীণ তোগাড়ীয়াই কয় যে, দা কাশ্মীৰ ফাইলছ্ ছবিখনে কেন্দ্ৰীয় চৰকাৰসমূহৰ যোৱা ৩২ বছৰ ব্যৰ্থতাৰ ছবি প্ৰতিফলিত কৰিছে । কেন্দ্ৰীয় চৰকাৰসমূহৰ যোৱা ৩২ বছৰে কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতসকলৰ সমস্যা সমাধান কৰা আৰু পুনৰ সংস্থাপনৰ বাবে কোনো বিশেষ পদক্ষেপ নললে ।

তেওঁ কয় যে অসমত ৫০ লাখ অবৈধ মুছলিম বাংলাদেশী আছে । এইসকলক চৰকাৰে এবছৰৰ ভিতৰত বাংলাদেশলৈ বিতাড়ন নকৰিলে অসমৰ অৱস্থা ভৱিষ্যতে অতি বেয়া হ'ব । আকৌ চৰকাৰে সময় থাকোতে এবছৰৰ ভিতৰত ১৯৫১ চনক ভিত্তি চন হিচাপে লৈ এন আৰ চি নতুনকৈ পুনৰ উন্নীতকৰণ কাম আৰম্ভ কৰি অবৈধ মুছলিম বাংলাদেশী চিনাক্ত কৰি বাংলাদেশলৈ বিতাড়ন কৰিব লাগে ।

তেওঁ কয়, ডিএনএ পৰীক্ষাৰ দ্বাৰা এনআৰচিৰ উন্নীতকৰণৰ কাম কৰিব লাগে আৰু সেয়া সম্ভৱ। তাৰ বাবে অসমৰ প্ৰতিখন জিলাত ডিএনএ পৰীক্ষা কৰাৰ পৰীক্ষাগাৰ গঠন কৰিব লাগিব । হিন্দুত্ববাদী নেতা গৰাকীয়ে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ শাসনত যিদৰে অবৈধ মুছলিম বাংলাদেশীয়ে দখল কৰি থকা সত্ৰৰ ভূমি সফলভাৱে বেদখলমুক্ত কৰি আছে, অসমত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে যিদৰে দৃঢ় অভিযান চলায় আছে, ঠিক তেনেদৰে এবছৰৰ ভিতৰতে ৫০ লাখ অবৈধ মুছলিম বাংলাদেশীক অসমৰ পৰা বিতাড়ন কৰাৰ পদক্ষেপ লোৱা প্ৰয়োজন ।

এই ক্ষেত্ৰত কেন্দ্ৰৰ বি জে পি নেতৃত্বাধীন চৰকাৰে অসম চৰকাৰক সহায় কৰিব লাগিব । প্ৰবীণ তোগাড়ীয়াই কয়- আমি অসমক অবৈধ মুছলিম বাংলাদেশীৰ বধ্যভূমি হ'বলৈ নিদিও । অসমক কাশ্মীৰ হ'বলৈ নিদিও। লাগিলে আমি আন্দোলনৰ পথ গ্ৰহণ কৰিম ।

লগতে পঢ়ক :Encounter at Chirang : ডকাইতৰ গুলীত আহত আৰক্ষী বিষয়া প্ৰকাশ মেধি

Last Updated : Apr 5, 2022, 5:45 PM IST

ABOUT THE AUTHOR

...view details