অসম

assam

বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ আখ্যা হিন্দু জাগৰণ মঞ্চৰ

By

Published : Nov 24, 2021, 10:54 PM IST

‘‘বুৰঞ্জীত উল্লেখ নাই বাঘ হাজৰিকাৰ কথা ৷ বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰহে মাথো ৷’’ চানমাৰিত অনুষ্ঠিত বীৰ লাচিত দিৱসৰ অনুষ্ঠাত লাচিত বৰফুকনৰ পালি সেনাপতি বাঘ হাজৰিকাক অপমান সূচক মন্তব্য কৰে হিন্দু জাগৰণ মঞ্চ (Hindu Jagran Mancha on bagh hazarika) ই ৷

Hindu Jagran Mancha insult bagh hazarika
চানমাৰি খেলপথাৰত উদযাপন বীৰ লাচিত দিৱস

গুৱাহাটী, ২৪ নৱেম্বৰ :লাচিত দিৱসৰ এই দিনটোতেই লাচিত বৰফুকনৰ পালি সেনাপতি বাঘ হাজৰিকাক অপমান হিন্দু জাগৰণ মঞ্চ (Hindu Jagran Mancha insults bagh hazarika)ৰ । বুধবাৰে মহানগৰীৰ চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত লাচিত দিৱসৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি হিন্দু জাগৰণ মঞ্চৰ অসম প্ৰান্তৰ বিধি প্ৰমুখ নবেন্দু পাঠকে বাঘ হাজাৰিকাক এক কাল্পনিক চৰিত্ৰ আখ্যা দিয়ে । ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘পালি সেনাৰ প্ৰতীকী উপস্থাপন নাই বাঘ হাজৰিকা । কিয়নো বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰহে’ ।

বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ: হিন্দু জাগৰণ মঞ্চ

তেওঁ লগতে কয় যে, ২০০১ চনৰ পৰা ১৬ চনলৈকে চৰকাৰখনে মেনডেট দিবৰ বাবে বাঘ হাজৰিকা চৰিত্ৰটোত গুৰুত্ব দিছিল । সেয়ে লাচিত বৰফুকনৰ গৰিমা ম্লান কৰিব বাবে বাঘ হাজৰিকা চৰিত্ৰটো সৃষ্টি কৰা হৈছিল ৷ বুৰঞ্জী অধ্যয়ন কৰিলে বাঘ হাজৰিকা কোনো অৱদান দেখিবলৈ পোৱা নাই(contribution of Bagh Hazarika) ৷

বুধবাৰৰ এই অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাক্তন আৰক্ষী বিষয়া কল্যান কুমাৰ গগৈ, ভাৰত কিষাণ সংঘৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী কৃষ্ণ কান্ত বৰাই লগতে RSS ৰ অসম ক্ষেত্ৰ প্ৰচাৰক উল্লাখ কুলকাৰ্ণী আদিকে ধৰি উপস্থিত থাকে হিন্দু জাগৰণ মঞ্চৰ লগতে আন কেইবাটাও ভাতৃ সংগঠনৰ বিষয়ববীয়া ।

উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটো উদযাপন কৰা হয় বীৰ লাচিত দিৱসৰ বিভিন্ন কাৰ্যসূচী (Lachit Divas Celebrate in all over Assam ) । হিন্দু জাগৰণ মঞ্চ অসম মহানগৰ সমিতিৰ উদ্যোগতো বুধবাৰে চান্দমাৰী খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন (Lachit Divas celebrate at Chandmari field) কৰা হয় । বীৰ লাচিত দিৱসৰ লগত সংগতি ৰাখি এখন নাৱত প্ৰতীকী ৰূপত লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰি পুৱাৰ ভাগত চানমাৰি অসম অভিযান্ত্ৰিক খেলপথাৰৰ খানাপাৰালৈ এক বাইক ৰেলী উলিওৱা হয় ৷ এই বৃহৎ বাইক ৰেলীত প্ৰায় এক হাজাৰ বাইকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :ৰাষ্ট্ৰীয় পৰ্যায়ত বছৰজোৰা লাচিত দিৱস পালন কৰিব অসম চৰকাৰে

For All Latest Updates

ABOUT THE AUTHOR

...view details