অসম

assam

ETV Bharat / state

ধৰ্মনিৰপেক্ষতাৰ নাম লৈ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰাসকলক হুংকাৰ হিন্দু সংগঠনৰ

হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেলৰ আয়োজন কৰে হিন্দু জাগৰণ মঞ্চ অসমে ৷ হোজাইত সত্যৰঞ্জন বৰাৰ সৈতে সংঘটিত হোৱা ঘটনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনটোৱে ৷

hindu jagaran mancha pressmeet
গুৱাহাটীত হিন্দু জাগৰণ মঞ্চ অসমৰ সংবাদমেল

By

Published : Jan 18, 2021, 5:43 PM IST

গুৱাহাটী, 18 জানুৱাৰী : দেশত ধৰ্মীয় উন্মাদনাৰে হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবী হিন্দু জাগৰণ মঞ্চ অসমৰ ৷ সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৱে ৷

সংগঠনটোৰ নেতৃত্বই কয় যে, "অসমৰ সমাজ জীৱনক অস্থিৰ আৰু ভীতিগ্ৰস্থ কৰি তুলিবলৈ মধ্যযুগীয় অনুসৰণকাৰী সকলে হত্যা, ধৰ্ষণ, দলবদ্ধ আক্ৰমণক আহিলা হিচাপে লৈছে ৷ শেহতীয়াকৈ হোজাইত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সত্যৰঞ্জন বৰাক ৷ যি ঘটনাক আমি গৰিহনা দিয়াৰ লগতে দোষীক শাস্তি দিবলৈ দাবী জনাইছো ৷"

গুৱাহাটীত হিন্দু জাগৰণ মঞ্চ অসমৰ সংবাদমেল

তদুপৰি তালিবানী সন্ত্ৰাসবাদীক সমৰ্থন কৰা একাংশ লোকেই এনে ধৰনৰ কাণ্ড সংঘটিত কৰিছে বুলিও সংবাদমেলত বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷

লগতে পঢ়ক:2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ মহকুমা প্ৰশাসনে

ABOUT THE AUTHOR

...view details