অসম

assam

ETV Bharat / state

আৰক্ষীৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী হিন্দু জাগৰণ মঞ্চৰ - উচ্ছেদ

বেদখলমুক্ত অসমৰ সমৰ্থনত, অসমৰ বিভিন্ন জিলাত হিন্দু জাগৰণ মঞ্চৰ জন-জাগৰণ ৷ আৰক্ষীৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানত চলিছে এই কাৰ্যসূচী ৷

hindu-jagaran-mancha-came-forward-for-human-rights-of-cops
আৰক্ষীৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী হিন্দু জাগৰণ মঞ্চৰ

By

Published : Sep 26, 2021, 7:08 PM IST

Updated : Sep 26, 2021, 7:54 PM IST

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ :যোৱা ২৩ ছেপ্টেম্বৰত গৰুখুটি অঞ্চলত অবৈধ বেদখলকাৰীৰ দ্বাৰা আৰক্ষী বাহিনীৰ ওপৰত হোৱা আক্ৰমণক পৰিকল্পিত আখ্যা হিন্দু জাগৰণ মঞ্চ অসমৰ ৷ এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অবৈধ বেদখলকাৰীৰ পক্ষত থিয় দিয়া কংগ্ৰেছ, বাওঁপন্থী, PFI, আমছু আদি সকলোকে অসম তথা অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কাম নকৰিবলৈ সকীয়াই দিছে সংগঠনটোৱে ।

হিন্দু জাগৰণ মঞ্চই গুৱাহাটী মহানগৰকে ধৰি অসমৰ বিভিন্ন জিলাত আৰক্ষী তথা প্ৰশাসনৰ অবৈধ বেদখলকাৰী বিৰুদ্ধে চলা উচ্ছেদৰ সমৰ্থন জনাইছে ৷ ইয়াৰোপৰি, আৰক্ষীৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত এক জন-জাগৰণ কাৰ্যসূচী ৰূপায়ণ কৰে ।

আৰক্ষীৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী হিন্দু জাগৰণ মঞ্চৰ

হিন্দু জাগৰণ মঞ্চই দাবী জনাইছে যে, অসমত থকা সকলো অবৈধ বেদখল উচ্ছেদ হ’ব লাগে ৷ অসমৰ সকলো মঠ, মন্দিৰ, সত্ৰৰ লগতে অসমৰ জলাশয়, গো-চৰণীয়া পথাৰ, অৰণ্যভূমি, চৰকাৰী ভূমি তথা শৰণাৰ্থীৰ বাবে আবন্টিত ভূমিৰ বেদখল উচ্ছেদ কৰিব লাগে ।

লগতে পঢ়ক :গৰুখুটিত ধন সংগ্ৰহকাৰী কোন এই দালাল ?

Last Updated : Sep 26, 2021, 7:54 PM IST

ABOUT THE AUTHOR

...view details