অসম

assam

ETV Bharat / state

ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা - আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

খানাপাৰাত ৭৫০খন বিচনাযুক্ত অস্থায়ী ক'ভিড হাস্পতালৰ ব্যৱস্থা। সৰুসজাইত ৪০০ বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰ। কাঁহিকুছি'ত ২৫৫খন বিচনাযুক্ত ক'ভিড সেৱা কেন্দ্ৰ স্থাপন ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ।

ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা
ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

By

Published : Apr 23, 2021, 10:19 PM IST

গুৱাহাটী, ২৩ এপ্ৰিলঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো মহামাৰী কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দৈনিক সহস্ৰাধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে। বিশেষকৈ গুৱাহাটী মহানগৰীত ক'ভিডে ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে। ক'ভিডৰ এই ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছে।

ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

বিশেষকৈ ক'ভিড আক্ৰান্ত ৰোগীসকলক ৰখাৰ বাবে বিভিন্ন ঠাইত ক'ভিড কেয়াৰ চেণ্টাৰ কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৭৫০খন বিচনাযুক্ত অস্থায়ী ক'ভিড হাস্পতালৰ ব্যৱস্থা কৰা হৈছে । য'ত ২০০ খন বিচনা আই চিইউ হিচাপে ৰখাৰ ব্যৱস্থা কৰা হৈছে । আজি স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সেই স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সেইদৰে সৰুসজাইত নিৰ্মাণ কৰি থকা ৪০০ বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্রী শৰ্মাই।

ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

আনহাতে আজাৰাৰ কাঁহিকুছিস্থিত 'এছ আই আৰ ডি'ত স্থাপন কৰি থকা ২৫৫খন বিচনাযুক্ত ক'ভিড সেৱা কেন্দ্ৰও মন্ত্রী শৰ্মাই পৰিদৰ্শন কৰে। মন্ত্রী শৰ্মাই পুনৰ সকলোকে স্বাস্থ্য সুৰক্ষা বিধিসমূহ পালন কৰিবলৈ আহ্বান জনাইছে । ইফালে শুকুৰবাৰে মন্ত্রীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত থকা ক'ভিড পৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সেৱা আগবঢ়োৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ শলাগ লয়। তেওঁ বিমান বন্দৰলৈ গৈ কেন্দ্ৰটিত উপলব্ধ সা-সুবিধাৰ বুজ লয় । বিয়লি মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । উল্লেখ যে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল সম্পূৰ্ণ ৰূপে ক'ভিড হাস্পতাল কৰা হৈছে ।

লগতে পঢ়কঃ সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাই জাৰ্মানীৰ পৰা আমদানি কৰিব ভ্ৰাম্যমান অক্সিজেন প্ৰকল্প

ABOUT THE AUTHOR

...view details