অসম

assam

ETV Bharat / state

গুৱাহাটীৰ ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ - গুৱাহাটী মহানগৰীত কৰ'ণাৰ গণসংক্ৰমণ

ৰাজ্য চৰকাৰে ইতিমধ্যে ২ লাখ ৰেপিড পইন্ট অৱ কেয়াৰ এন্টিজেন ডিটেকচন টেষ্ট কীট লাভ কৰিছে । ইয়াৰ জৰিয়তে তাৎক্ষণিকভাৱে পৰীক্ষণৰ ফলাফল লাভ কৰিব পাৰিব লোক সকলে ।

পাণ্ডুত ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন হিমন্তৰ
পাণ্ডুত ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন হিমন্তৰ

By

Published : Jul 3, 2020, 9:51 PM IST

গুৱাহাটী, 3 জুলাইঃ মহানগৰীৰ ৱাৰ্ডে ৱাৰ্ডে স্থাপন কৰা ক'ভিড কেয়াৰ চেন্টাৰ সমূহ পৰিদৰ্শন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰসমূহ পৰিদৰ্শন স্বাৱ পৰীক্ষাৰ ব্যৱস্থাপনাৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে । শৰ্মাই পৰীক্ষাসমূহ অতি নিয়াৰিকৈ কৰাৰ নিৰ্দেশ দিয়ে কেন্দ্ৰসমূহৰ বিষয়াসকলক। এই ব্যৱস্থাৰে অতি খৰতকীয়াকৈ পৰীক্ষা সম্পন্ন হ'ব কৰ'ণাৰ। ৰাজ্য চৰকাৰৰে ইতিমধ্যেই ২ লাখ ৰেপিড পইন্ট অৱ কেয়াৰ এন্টিজেন ডিটেকচন টেষ্ট কিট লাভ কৰিছে । ইয়াৰ জৰিয়তে তাৎক্ষণিকভাৱে পৰীক্ষণৰ ফলাফল লাভ কৰিব পাৰিব লোক সকলে ।

গুৱাহাটীৰ ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন হিমন্তৰ

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত কৰ'ণাৰ গণসংক্ৰমণ অব্যাহত আছে । যাৰ ফলত মহানগৰীত দৈনিক বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা । স্বাস্থ্য বিভাগে পৰীক্ষাৰ সংখ্যা বঢ়াবলৈ বৃদ্ধি কৰিছে পৰীক্ষা কেন্দ্ৰ । ইয়াৰ ফলত মহানগৰীৰ কেইবাটাও স্থানত নতুক পৰীক্ষাকেন্দ্ৰ স্থাপন কৰা হৈছে, য'ত লোক সকলে স্ব-ইচ্ছাই গৈ নমুনা দি থৈ আহিব পাৰিব । ইপিনে গণ সংক্ৰমণ ৰোধৰ বাবে মহানগৰীত সোমবাৰৰ পৰাই জাৰি হৈ আছে পূৰ্ণ পৰ্যায়ৰ লক ডাউন । এই লক ডাউনত গুৱাহাটীবাসীয়ে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে আৰক্ষী-প্ৰশাসনো অধিক কঠোৰ হৈ আছে ।

লগতে পঢ়ক :২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট কংগ্ৰেছত খহনীয়া

ABOUT THE AUTHOR

...view details