অসম

assam

ETV Bharat / state

ছগৰাকী মুখ্যমন্ত্ৰী, শীৰ্ষ নেতাক লৈ কাইলৈ হিমন্তৰ মনোনয়ন - himanta to file nomination on friday with six chief minister, ministers and top leaders

শুকুৰবাৰে মনোনয়ন দাখিল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অসমৰ উপৰিও উত্তৰ-পূৱৰ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন দাখিল কাৰ্যসূচীত উপস্থিত থাকিব ৷ জালুকবাৰী সমষ্টিৰ পৰা 105 খন ডাঙৰ গাড়ী আৰু 500 খন সৰু গাড়ীৰে আহিব ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থক ৷

himanta to file nomination on friday
ছগৰাকী মুখ্যমন্ত্ৰী, মন্ত্ৰী তথা শীৰ্ষ নেতাক লৈ কাইলৈ হিমন্তৰ মনোনয়ন

By

Published : Mar 18, 2021, 8:28 PM IST

গুৱাহাটী,18 মাৰ্চ: হিমন্ত বিশ্ব শৰ্মা মানেই যেন ব্যতিক্ৰম ! নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী ভাষণ সকলোতে ব্যতিক্ৰম ৰাজ্যৰ এইগৰাকী ৰাজনীতিক । আনকি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পদযাত্ৰা, চাইকেল যাত্ৰা, নৃত্য-গীত আদিৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে যদিও এই পৰ্যন্ত নিজা সমষ্টি জালুকবাৰীত এবাৰো প্ৰচাৰ চলাবলৈ যোৱা নাই হিমন্ত বিশ্ব শৰ্মা । এইজন ব্যতিক্ৰমী ৰাজনীতিকে কাইলৈ অৰ্থাৎ শুকুৰবাৰে দাখিল কৰিব মনোনয়ন ।

জালুকবাৰী সমষ্টিৰ পৰা 105 খন ডাঙৰ গাড়ী আৰু 500 খন সৰু গাড়ীৰে আহিব শৰ্মাৰ সমৰ্থক

শুকুৰবাৰে তেওঁৰ মনোনয়ন দাখিল পৰ্ব হ'ব অত্যন্ত বিশাল । অসমৰ উপৰিও উত্তৰ-পূৱৰ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কাইলৈ তেওঁৰ মনোনয়ন দাখিল কাৰ্যসূচীত উপস্থিত থাকিব ৷ প্ৰাপ্ত তথ্য অনুসৰি কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উপস্থিত থাকিব মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী । ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ উপৰিও উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে বিজেপিৰ কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ।

অসমৰ উপৰিও উত্তৰ-পূৱৰ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মনোনয়ন দাখিল কাৰ্যসূচীত উপস্থিত থাকিব

মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা এক বৃহৎ সমদল কৰি আহি কাইলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব মনোনয়ন । এই সমদলত ভাগ ল’বলৈ কাইলৈ জালুকবাৰী সমষ্টিৰ পৰা 105 খন ডাঙৰ গাড়ী আৰু 500 খন সৰু গাড়ীৰে আহিব ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকসকল ।

লগতে পঢ়ক:গুৱাহাটীত হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিল, কোনে দাখিল কৰিলে মনোনয়ন ?

ABOUT THE AUTHOR

...view details