গুৱাহাটী,২০ এপ্ৰিলঃঅসম আহি পালেহি ৯,৬০০ টা ৰেপিড টেষ্ট কিট । কেন্দ্ৰীয় চৰকাৰে চীনৰ পৰা ক্ৰয় কৰা এই ৯,৬০০ টা কিট প্ৰেৰণ কৰিছে অসমলৈ । আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । এই কিটৰ জৰিয়তে আধা ঘন্টাৰ ভিতৰতে কোনো লোকৰ তেজ পৰীক্ষাৰ দ্বাৰা তেওঁৰ শৰীৰত কোভিড-১৯ আছে নে নাই বা পূৰ্বতে আক্ৰান্ত হৈছিল নেকি তাৰ উমান পোৱা যাব । এইখিনি কিট কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আহিছে যদিও ৰাজ্য চৰকাৰেও নিজাকৈ চীনৰ পৰা আৰু ৫০ হাজাৰ এনে কিট কিনাৰ কথা ভাবিছে বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল লোকক এই কিটৰ জৰিয়তে পৰীক্ষা কৰা হ'ব তেওঁলোকৰ মোবাইল নম্বৰসমূহ ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৰোগ্য সেতু এপৰ সৈতে সংযোগ কৰি দিয়া হ'ব । ইপিনে,সদ্যহতে লাভ কৰা এই কিটখিনিৰ ৫০ টা ব্যৱহাৰ কৰা হ'ব গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত, ২৫ টা ব্যৱহাৰ কৰা হ'ব গুৱাহাটীৰ আঠগাওঁ মছজিদত আৰু ২৫০ টা ব্যৱহাৰ কৰা হ'ব লাহৰীঘাটত । বাকী সকলো ব্যৱহাৰ কৰা হ'ব চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল সমূহত ।
অসম পালেহি ৯৬০০ ৰেপিড টেষ্ট কিটঃ আধা ঘণ্টাতে হ'ব পৰীক্ষা - ৯৬০০ ৰেপিড টেষ্ট কিট
যিসকল লোকক এই কিটৰ জৰিয়তে পৰীক্ষা কৰা হ'ব তেওঁলোকৰ মোবাইল নম্বৰসমূহ ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৰোগ্য সেতু এপৰ সৈতে সংযোগ কৰি দিয়া হ'বঃ ডঃ হিমন্তবিশ্ব শৰ্মা
অসম পালেহি ৯৬০০ ৰেপিড টেষ্ট কিট;আধা ঘণ্টাতে হ'ব পৰীক্ষা