অসম

assam

ETV Bharat / state

2 years of HBS govt: ১০ মে’ত হিমন্ত চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ বাবে কি দৰে চলিছে প্ৰস্তুতি ? - Assam govt 1 lakhs recruitment

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ বাবে ব্যাপক হাৰত চলিছে প্ৰস্তুতি ৷ 10 মে’ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে সম্পূৰ্ণ কৰিব দুটা বছৰ ৷ ইয়াৰ বাবে তিনিদিনীয়াকৈ ৰূপায়ণ কৰা হ’ব বিভিন্ন কাৰ্যসূচী (HBS govt two years anniversary) ৷

2 years of HBS govt
2 years of HBS govt

By

Published : May 2, 2023, 10:46 PM IST

গুৱাহাটী, ২ মে’ :অহা ১০ মে’ত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে দুটা বছৰ সম্পূৰ্ণ কৰিব ৷ ২০২১ বৰ্ষৰ ১০ মে’ত ৰাজ্যৰ বিজেপি চৰকাৰৰ দ্বিতীয়জন মুখ্যমন্ত্ৰীৰূপে শাসনৰ বাঘজৰী হাতত লৈছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অৰ্থাৎ ১০ মে’ত বিভিন্ন পৰিক্ৰমাৰ মাজেৰে পাৰ হোৱা চৰকাৰখনৰ দুবছৰ সম্পূৰ্ণ হ’ব (2 years of Himanta government) ৷

যাৰ বাবে বিস্তৃত কাৰ্যসূচীৰে দ্বিতীয় বৰ্ষপূৰ্তি পালন কৰিবলৈ আয়োজন চলাইছে ৰাজ্য চৰকাৰে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি ৷ ৯ মে’ৰ পৰা ১১ মে’লৈ তিনিদিনীয়া কাৰ্যসূচীৰে পালিত হ’ব দ্বিতীয় বৰ্ষপূৰ্তিৰ কাৰ্যসূচী ৷ এই তিনিটা দিনৰ প্ৰতিটো দিনতে মুখ্যমন্ত্ৰীৰ ইচ্ছানুযায়ী বিশেষ একোটা কাৰ্যসূচী হাতত লৈ অৰ্থবহ কৰি তুলিবলৈ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে ৷

সেই অনুসৰি ৯ মে’ৰ দিনা ১০০০ কোটি টকাৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰে (MoU of Assam Govt) ৷ ১০ মে’ৰ দিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হি বিহপুৰীয়া সমষ্টিত মুকলি হ’ব ৷ ১০ মে’ৰ দিনাই আৰম্ভ কৰা হ’ব মুখ্যমন্ত্ৰীৰ আয়ুস্মান অসম স্বাস্থ্য বীমা আঁচনি ৷ এই আঁচনিৰ জড়িয়তে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব ৫ লাখ টকাৰ চিকিৎসা বীমাৰ সুবিধা (Ayushman Assam health card) ।

আনহাতে ১১ মে’ অনুষ্ঠিত হ’ব দ্বিতীয় বৰ্ষপূৰ্তিৰ মূল অনুষ্ঠান ৷ সেইদিনাৰ বাবে ৰাজ্য চৰকাৰে ৰাখিছে বিশেষ কাৰ্যসূচী ৷ ১১ মে’ৰ দিনা গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বিশাল কাৰ্যসূচী ৷ এই সভাত ভাগ ল’ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে (HM Amit Shah to visit Guwahati) ৷

অমিত শ্বাহৰ উপস্থিতিতে সেই দিনা খানাপাৰাত ৰাজ্য চৰকাৰে ৫০,০০০ নিবনুৱালৈ আগবঢ়াব নিযুক্তি পত্ৰ ৷ এই অনুষ্ঠানৰ বাবে দ্ৰুত গতিত চৰকাৰে প্ৰস্তুতি চলাইছে ৷ খানাপাৰাত প্ৰায় আঢ়ৈ কোটি টকা খৰছেৰে মঞ্চ, সাজ-সজ্জা আৰু পেণ্ডেল নিৰ্মাণ কৰিছে ৷ এই উপলক্ষ্য ইতিমধ্যে ৰাজ্য চৰকাৰে চতুৰ্থ বৰ্গৰ প্ৰায় ১১৯২ টা পদৰ চাকৰিৰ ফলাফল ঘোষণা কৰিছে (Assam govt recruitment) ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অৰ্থাৎ বুধবাৰে তৃতীয় বৰ্গৰ ১১,৫১০ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি টুইটযোগে আজি ঘোষণা কৰিছে । এয়া ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ আখ্যা দিছে শাসকীয় বিজেপি দলে ৷ ইয়াৰ মাজতে নিযুক্তি প্ৰক্ৰিয়াকলৈ এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে (Anomaly in Assam health department result) ৷

ইতিমধ্যে স্বাস্থ্য বিভাগৰ ১১৯২ টা চাকৰিৰ ফলাফলত একেটা ৰোল নম্বৰ ৩১ টাৰো অধিক বিভিন্ন শিতানত দেখা গৈছে ৷ যাৰ বাবে প্ৰায় প্ৰতিটো ফলাফলতে ব্যাপক অভাৰলেপিং দেখা পোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ এবছৰত ১ লাখ চাকৰি পূৰণ হোৱা দেখুৱাবলৈকে ৰাজ্য চৰকাৰখনে সংখ্যাৰ খেল খেলা বুলি অভিযোগ উত্থাপিত হৈছে (Assam govt 1 lakhs recruitment) ৷ এই তালিকাত একেজন প্ৰাৰ্থীয়ে একাধিক পদত নিৰ্বাচিত হোৱাৰ অভিযোগ কৰিছে বিভিন্ন দল-সংগঠনে ৷

লগতে পঢ়ক:Tree felling in Guwahati: কাটিছে গছ সাধিছে উন্নয়ন; গুৱাহাটীত উন্নয়নৰ নামত নিৰ্বনানীকৰণ !

ABOUT THE AUTHOR

...view details