গুৱাহাটী, ১৯ ডিচেম্বৰ: বি টি আৰৰ নিৰ্বাচনৰ সময়ত বিপক্ষৰ দৰে সম্পৰ্ক দেখুওৱা ডঃ হিমন্তবিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়েও প্ৰমাণ কৰি দিলে যে ৰাজনীতিত কোনো স্থায়ী শত্ৰুও নাই,মিত্ৰও নাই । কিয়নো,শুকুৰবাৰে নিশা গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত দুই নেতা মিলিত হ'ল দীঘলীয়া আলোচনাত। আলোচনাৰ বিষয়বস্তু কি হ'ব পাৰে সেইয়া বৰ্তমনালৈ জানিব পৰা যোৱা নাই ।
তাজ ভিভান্তাত হাগ্ৰামাৰে কিহৰ মন্ত্ৰণা হিমন্তবিশ্ব শৰ্মাৰ ? - বি টি আৰ
ৰাজনীতিত সকলো সম্ভৱ । ৰাজনীতিত কোনো স্থায়ী শত্ৰু নাথাকে,মিত্ৰও নাথাকে । বি টি আৰৰ নিৰ্বাচন আৰু তাৰ পাছৰ ৰাজনৈতিক ঘটনাক্ৰমে সেই কথা পুনৰ প্ৰমাণ কৰিলে ।
মন কৰিবলগীয়া যে,শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বি টি আৰৰ নতুন পৰিষদ গঠনৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰখাৰ উপৰিও ৰাজ্য চৰকাৰৰ পৰা সেই সমগ্ৰ বিষয়টোৰ উত্তৰ বিচাৰি ২২ ডিচেম্বৰ সময়সীমা ধৰি দিছিল। তাৰ পাছতে নিশাৰ ভাগত তেনেদৰে দুই নেতাই "হোটেল পলিটিক্স"ত ব্যস্ত হৈ পৰাটো তাৎপৰ্যপূৰ্ণ । তাতোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল,একেখন হোটেলতে শুকুৰবাৰে বি টি আৰৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতেও সুকীয়াকৈ আলোচনাত মিলিত হৈছিল ডঃ হিমন্তবিশ্ব শৰ্মা ।
লগতে পঢ়ক:কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ