অসম

assam

ETV Bharat / state

অসমত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰা নহয় : হিমন্ত বিশ্ব শৰ্মা - কামাখ্যা

বিধায়ক শ্বেৰমান আলীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী জনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অসমৰ সভ্যতা-সংস্কৃতিত এচামে আক্ৰমণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । পূৰ্বে নামনি আৰু মধ্য অসমত এনে আক্ৰমণ চলিছিল যদিও এতিয়া সভ্যতাত আক্ৰমণ চলিছে বুলি মন্তব্য মন্ত্ৰী শৰ্মাৰ ৷

himanta biswa visit kamakhya due to nabami pooja
himanta biswa visit kamakhya due to nabami pooja

By

Published : Oct 25, 2020, 10:38 PM IST

গুৱাহাটী, 25 অক্টোবৰ : দেওবাৰে মা কামাখ্যা ধামত উপস্থিত হয় পত্নীসহ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । পুৱাই মা কামাখ্যাৰ আশিস ল'বলৈ আহে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী ড০ শৰ্মাই কামাখ্যাত উপস্থিত হৈ কেইবাটাও বিষয়ত মন্তব্য প্ৰকাশ কৰে । বিধায়ক শ্বেৰমান আলীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী জনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

কামাখ্যাত হিমন্ত বিশ্ব শৰ্মা

অসমৰ সভ্যতা-সংস্কৃতিত এচামে আক্ৰমণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । পূৰ্বে নামনি আৰু মধ্য অসমত এনে আক্ৰমণ চলিছিল যদিও এতিয়া সভ্যতাত আক্ৰমণ চলিছে । অসম চৰকাৰে কোনো কাৰণতে কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইফালে সাংসদ অজিত কুমাৰ ভূঞাকো তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ।

অসমত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰা নহয়

লগতে পঢ়ক : বিকাশ ডুবেৰ 30 সহযোগীৰ বিৰুদ্ধে গেংগষ্টাৰ আইনৰ ধাৰা সংযোগ

ABOUT THE AUTHOR

...view details