গুৱাহাটী, ২৩ মাৰ্চ :দ্বিতীয়টো কাৰ্যকালৰ বাবে বুধবাৰে পুনৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব পুষ্কৰ সিং ধামীয়ে (Swearing in ceremony of Uttarakhand CM)। ধামীৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল'বলৈ বুলি পুৱাই গুৱাহাটীৰ পৰা উত্তৰাখণ্ডলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Himanta Biswa Sharma visits Uttarakhand)। মনকৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ উত্তৰাখণ্ড যাত্ৰাৰ বাবেই বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেট বৈঠকৰ সময়সূচীও আগুৱাই দিয়া হয় ।
যাৰ বাবে পুৱা ৯ বজাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠকৰ (Assam govt cabinet meeting at Janata Bhawan)। সেই বৈঠক শেষ কৰিয়েই চাৰ্টাৰ্ড বিমানযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মা উৰা মাৰে উত্তৰাখণ্ডলৈ । ধামীৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী পুনৰ নিশাৰ ভাগলৈ গুৱাহাটীলৈ উভতি অহাৰ কথা আছে ।