গুৱাহাটী, 24 অক্টোবৰ : আজি মহা অষ্টমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পাণ্ডু-মালিগাঁৱতো মা দুৰ্গাৰ আৰাধনা। পুৱাৰ পৰায়ে দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰে পাণ্ডু-মালিগাঁৱৰ পূজাস্থলী । অষ্টমীৰ পূজাত ভাগ ল'বলৈ মহানগৰীৰ পাণ্ডুত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
পাণ্ডুৰ অষ্টমী পূজাত ভাগ ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পাণ্ডুৰ আটাইকেইখন পূজাস্থলীলৈ গৈ দেৱীৰ ওচৰত মূৰ দোৱাই সেৱা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । পাণ্ডু ৰেষ্টকেম্প কালীবাৰী, বৰ বজাৰ, পাণ্ডু আমেৰিকান কলনী, পাণ্ডু কেবিন আদিত পূজাস্থলীত দেৱীৰ আশিস লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
সমাজৰ অপায় অমংগল নাশ কৰি সকলোৰে মংগল কামনাৰে মা দুৰ্গাৰ ওপৰত প্ৰাৰ্থনা কৰে মন্ত্ৰী ড৹ শৰ্মাই । মালিগাঁও চাৰিআলিৰ পৰা নিজৰ সমৰ্থনক লগত লৈ খোজ কাঢ়ি আটাইকেইখন পূজাস্থলীলৈ যায় মন্ত্ৰীগৰাকী । ইফালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাষতে পাই উৎফুল্লিত পাণ্ডুবাসী ৰাইজ ।
পূজাস্থলীত দেৱীৰ আশিস লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰ'ণাৰ স্বাস্থ্য বিধি মানি সকলোকে পূজা উদযাপন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । উল্লেখ্য যে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সময়চোৱাত সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।
লগতে পঢ়ক :দুৰ্গা পূজাৰ মাজতে তেজপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান