অসম

assam

ETV Bharat / state

আতংকিত নহয়, এই সময়ত সজাগ হওক জনসাধাৰণ ! - corona virus news

শুকুৰবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল । শেহতীয়াকৈ অসমত আঠজনকৈ Covid-19 আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পাচত সংবাদমেল যোগে মন্ত্ৰীগৰাকীয়ে সবিশেষ বৰ্ণনা কৰাৰ লগতে অসমবাসীক আতংকিত নহৈ অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ।

himanta biswa sharma urge people not to worry and stay carefully
himanta biswa sharma urge people not to worry and stay carefully

By

Published : May 8, 2020, 8:43 PM IST

গুৱাহাটী, 8 মে' : বৃহস্পতিবাৰে নিশা ৰাজ্যখনত নতুনকৈ আঠগৰাকী ৰোগী Covid-19 আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাচত গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যত বিৰাজ কৰিছে তীব্ৰ আতংকৰ । এনে সময়ত আতংকিত নহৈ অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী গৰাকীয়ে নতুনকৈ চিনাক্ত হোৱা Covid-19 আক্ৰান্ত ৰোগীকেইগৰাকীৰ সবিশেষ বৰ্ণনা কৰাৰ লগতে আটাইকে চিকিৎসা প্ৰদান কৰি থকাৰ কথা উল্লেখ কৰে । নতুনকৈ চিনাক্ত হোৱা ৰোগী কেইগৰাকীৰ সংস্পৰ্শলৈ অহা আটাইকে চিনাক্ত কৰি ইতিমধ্যে সৰুসজাইস্থিত কোৱাৰেণ্টাইন কক্ষলৈ প্ৰেৰণ কৰাৰ লগতে মহানগৰীৰ চাৰিটাকৈ অঞ্চলক প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাবে ঘোষণা কৰাৰ কথা উল্লেখ কৰে ।

ইফালে আজমীৰ শ্বৰীফ ভ্ৰমণ কৰি ২ মে'ত ঘৰমুৱা হোৱা ৪৫ জনীয়া দলটো কাছাৰ জিলাত উপস্থিত হৈছিল ৬ মে'ত । এইসকলৰ মাজত চাৰিজনৰ দেহত Covid-19 চিনাক্ত হোৱাৰ পাচত তেওঁলোককো বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকাৰ লগতে আনসকল যাত্ৰীক কোৱাৰেণ্টাইনত ৰখাৰ কথা সংবাদমেলখনত অৱগত কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

আতংকিত নহৈ সতৰ্ক হ'বলৈ জনসাধাৰণক আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

ইতিমধ্যে কৰ্কট প্ৰতিষ্ঠানখন ১০ মে'লৈ ছীল কৰি দিয়া হৈছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কণিষ্ঠ চিকিৎসক আক্ৰান্ত হোৱাৰ খবৰে শংকিত কৰিছে সকলোকে ৷ চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ৰমেন তালুকদাৰৰ লগতে ৯ গৰাকীকৈ চিকিৎসকক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে । তাৰোপৰি চিকিৎসক গৰাকী থকা চিকিৎসা মহাবিদ্যালয়ৰ দুটাকৈ আবাসগৃহ ছীল কৰিছে প্ৰশাসনে ৷

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ'ণাৰ এই জটিল সময়ত ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰি অসমবাসীক ঘৰতে থাকি এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

লগতে পঢ়ক :ৰুম এয়াৰ ছেনিটাইজাৰঃ উদ্ভাৱক উদ্ধৱ ভৰালীৰ নতুন উদ্ভাৱন

ABOUT THE AUTHOR

...view details