গুৱাহাটী,২৫ মাৰ্চ :শুকুৰবাৰে পুৱা ৯ বজাতেই গুৱাহাটী এৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । চাৰ্টাৰ্ড বিমানযোগে শুকুৰবাৰে পুৱাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ অভিমুখে উৰা মাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে (Assam CM travels to Lucknow in UP)। কাৰণ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত ল'ব যোগী আদিত্যনাথে (Yogi Adityanath to take oath as CM)। আদিত্যনাথৰ দ্বিতীয় ৰাজ অভিষেক ।
এই ৰাজ অভিষেকৰে নিমন্ত্ৰিত অতিথি ড৹ হিমন্তবিশ্ব শৰ্মা । অৱশ্যে শপত গ্ৰহণ অনুষ্ঠানত ভাগ লৈ নিশাৰ ভাগলৈ মুখ্যমন্ত্ৰী গৰাকী গুৱাহাটীলৈ উভতি আহিব । উল্লেখ্য যে যোগী আদিত্যনাথৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ বিজেপি শাসিত সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীসকলক । বিশাল আয়োজনৰ মাজত শপত ল'ব যোগী আদিত্যনাথে ।