কামৰূপ, 25 চেপ্তেম্বৰ :সমগ্ৰ দেশৰ লগতে মহানগৰীৰ আজাৰা আৰু ধাৰাপুৰতোপণ্ডিত দিনদয়াল উপাধ্যায়ৰ ১০৪ তম জন্মদিন উদযাপন ৷ ৰাণী মণ্ডলৰ অন্তৰ্গত ধাৰাপুৰৰ বুথ সভাপতি মনিমা কলিতা আৰু আজাৰাৰ বুথ সভাপতি ভৱানী বৰুৱাৰ ঘৰত মন্ত্ৰী জনে পতাকা উত্তোলন কৰি দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰে ৷ মন্ত্ৰীগৰাকীৰ লগতে বিজেপি দলৰ স্থানীয় কৰ্মকৰ্তা সকলো এই কাৰ্যসূচীত উপস্থিত থাকে ৷
জন্মদিনত দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দীনদয়াল উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ 104 তম জন্মদিন উপলক্ষে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷ মহানগৰীত ধাৰাপুৰ আৰু আজাৰাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ আৰক্ষী বিভাগৰ পৰীক্ষাত হোৱা দুৰ্নীতিৰ চৰকাৰে উচিত বিচাৰ কৰিব আৰু মিত্ৰ দলৰ সৈতে মিলি আগন্তুক নিৰ্বাচনত 100 আসন লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷
অলপতে আৰক্ষী বিভাগৰ পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু এইয়া তেওঁৰ বিভাগ নহয় সেয়ে তেওঁ বিষয়টোৰ সৈতে বেছি জড়িত হোৱা নাই ৷ কিন্তু চৰকাৰে যিহেতু বিষয়টো গুৰুত্ব সহকাৰে লৈছে সেয়ে দোষীয়ে শাস্তি পাবই বুলি মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমাগত 2021 ৰ বিধান সভা নিৰ্বাচনত মিত্ৰজোঁটৰ সৈতে মিলি বিজেপিয়ে 100 খন আসনৰ লক্ষ্য স্থিৰ কৰি লৈছে ৷
লগতে পঢ়ক:ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ