গুৱাহাটী,২৩ ছেপ্টেম্বৰ :সময়ে সময়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সমালোচনা কৰাৰ লগতে সাংবাদিকক নীতি শিক্ষা দিয়াৰো চেষ্টা কৰি আহিছে । এইবাৰ পুনৰ অসমৰ সংবাদ মাধ্যমক টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Assam CM targets Journalist)। এক অনুষ্ঠানত ভাষণ প্ৰসংগত সংবাদ মাধ্যমৰ বিৰুদ্ধে আক্ৰোশমূলক মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শনিবাৰে ২৪ টা বিভাগৰ নিযুক্তিপত্ৰ বিতৰণ কৰা হয় (Assam government distribute appointment letter)। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পুনৰ সাংবাদিকক নীতি শিক্ষা দিয়াৰ চেষ্টা কৰে । তেওঁ কয়, "দুই ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰি নিযুক্তি পৰীক্ষা পতাক লৈ বহুতে সমালোচনা কৰিছে । দুখীয়া ল'ৰা-ছোৱালীৰ বাবে এটা দিনো ইণ্টাৰনেট কৰ্তন কৰিব লাগিলে মই কৰিম ।"সাংবাদিকসকলক উদ্দেশ্যি আক্ৰোশমূলক মন্তব্য কৰি তেওঁ কয় যে এইবাৰ ইণ্টাৰনেট ২ ঘণ্টা কৰ্তন কৰা হৈছে, অহাবাৰ ২০ ঘণ্টা কৰা হ'ব (Mobile internet suspended during recruitment exam)।
উল্লেখ্য যে শেহতীয়াভাৱে সাংবাদিকৰ বিভিন্ন প্ৰশ্নক লৈ অসন্তুষ্ট হোৱা দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বহু বক্তব্যতো এই কথা স্পষ্ট হৈ পৰিছে ৷ কিছুদিন পূৰ্বে সাংবাদিকৰ প্ৰশ্নত অসন্তুষ্ট হৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সংবাদ মাধ্যমৰ মালিকক দৰমহা কাটিবলৈ কম বুলি বিতৰ্কিত মন্তব্য কৰিছিল ।