গুৱাহাটী, ৮ এপ্ৰিলঃ অসমত পুনৰ লক ডাউন আৰু নৈশ সান্ধ্য আইনৰ কোনো সম্ভাৱনা নাই। এই কথা ঘোষণা কৰিলে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেল মন্ত্রী শৰ্মাই ক'ভিডৰ প্ৰসংগত কেতবোৰ দিশ উল্লেখ কৰে। মন্ত্রী শৰ্মাই কয়-' বিগত কিছুদিন ধৰি ক'ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে। বিগত বৰ্ষৰ মাৰ্চ মাহত আৰম্ভ হোৱা ক'ভিডৰ দ্বিতীয় ঢৌ এবছৰ পাছত দেখা পোৱা গৈছে । অসমত ক'ভিড টেষ্ট পুনৰ ব্যাপক ৰূপত আৰম্ভ কৰা হৈছে। বুধবাৰে ১৮ হাজাৰ লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু বৃহস্পতিবাৰে ৩৫ হাজাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰোগীৰ সংখ্যা বৃদ্ধি পালে দৈনিক এক লাখ ক'ভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ'ব। বিহুৰ কেইদিনলৈকে দৈনিক এক লাখ পৰীক্ষা কৰা হ'ব । পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ লগে লগে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে যদিও ভয়ৰ কোনো কাৰণ নাই। বিহু নিৰাপদে পালন কৰিব পাৰিব। লকডাউন নাইবা নৈশ সান্ধ্য আইন কোনো সম্ভাৱনা নাই। আমি পৰীক্ষা, চিনাক্তকৰণ আৰু চিকিৎসাত গুৰুত্ব দিছো। বিগত বৰ্ষৰ পৰিৱেশ আৰু বৰ্ত্তমানৰ পৰিৱেশৰ মাজত যথেষ্ট পাৰ্থক্য আছে। চিকিৎসক-নাৰ্চকে ধৰি চিকিৎসা খণ্ডৰ সকলো লোকেই ভেকচিন লৈছে। এতিয়া সাধাৰণ মাস্ক লগাই চিকিৎসকসকলে ক'ভিড ৱাৰ্ডত যাব পাৰিছে। বৰ্তমান সময়ত সৰ্বসাধাৰণ ৰাইজ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই । সজাগ-সচেতন হৈ থাকিলেই হ'ল । কিবা অসুবিধা পালেই পৰীক্ষা কৰাটো ভাল।
অসমত নহয় লক ডাউন-নৈশ সান্ধ্য আইন : হিমন্ত বিশ্ব শৰ্মা - বিগত বৰ্ষ
পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ লগে লগে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে যদিও ভয়ৰ কোনো কাৰণ নাই । বিহু নিৰাপদে পালন কৰিব পাৰিব । বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ সাধাৰণ নীতি-নিৰ্দেশনা জাৰি কৰা হ'ব । বিগত বৰ্ষৰ পৰিৱেশ আৰু বৰ্ত্তমানৰ পৰিৱেশৰ মাজত যথেষ্ট পাৰ্থক্য আছে । চিকিৎসক-নাৰ্চকে ধৰি চিকিৎসা খণ্ডৰ সকলো লোকেই ভেকচিন লৈছে ।
আনহাতে ৪৫ বছৰৰ ঊৰ্দ্ধৰ সকলোকে ক'ভিড ভেকচিন ল'বৰ বাবে আহ্বান জনাইছো। ক'ভিড ভেকচিন সম্পূৰ্ণ নিৰাপদ আৰু অসমত ইয়াৰ কোনো ধৰণৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যোৱা নাই। মই নিজেও লৈছো আৰু মুখ্যমন্ত্রীয়ে আজি লৈছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও আজি ভেকচিনৰ দ্বিতীয় পালি ল'লে। পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ বাবে আগন্তুক সাতদিনত ক'ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িব পাৰে। কিন্তু ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। বহাগ বিহু আগৰ দৰেই উলহ-মালহেৰে উদযাপন কৰিব পৰা যাব। কেৱল বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ সাধাৰণ নীতি-নিৰ্দেশনা জাৰি কৰা হ'ব। ইয়াৰ দ্বাৰা বিহু উদযাপনত কোনো বাধা নহয় ।' মন্ত্রী শৰ্মাই লগতে কয়-' এতিয়া নিৰ্বাচন শেষ আৰু আমি কৰ্মক্ষেত্রত নামিছো । ২ মে'ৰ পাছত আমাৰে চৰকাৰ হ'ব । গতিকে আমি আমাৰ দায়িত্ব পালনৰ বাবে সাজু হৈছো । ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে আমি কাৰ্যপন্থা আৰম্ভ কৰিছো । দহটা প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিম ।উল্লেখ যে, মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শংকাৰ কোনো কাৰণ নাই বুলি সদম্ভে ঘোষণা কৰিছে যদিও ক'ৰনাৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱাত সৰ্বাসাধাৰণ ৰাইজৰ মাজত পুনৰ আতংকই দেখা দিছে ।
লগতে পঢ়কঃ কৰোনা ভাইৰাছত আক্ৰান্ত আই.আই.টি.ৰুৰকীৰ 88 গৰাকী শিক্ষাৰ্থী