গুৱাহাটী, 17 ফেব্ৰুৱাৰী :ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো বিকৃত ৰূপত উপস্থাপন কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে "প্ৰতিবিম্ব লাইভ" নামৰ এটা ৱেব পৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ পাঁচ গৰাকী সাংবাদিক ।
পিতা-পুত্ৰীৰ পবিত্ৰ সম্পৰ্কক বিৰ্তকিত ৰূপত উপস্থাপন কৰি বাতৰি পৰিৱেশন কৰা ঘটনাক হিমন্ত বিশ্ব শৰ্মাই দুখ প্ৰকাশ কৰি কয় যে, নিকৃষ্ট মানসিকতাৰ সাংবাদিকেহে এনেকুৱা কাম কৰিব পাৰে ৷ কোনো প্ৰকাৰে আক্ৰমণ কৰিব নোৱাৰি এতিয়া মোৰ ছোৱালীজনীকো টানি আনিছে । ৰাজনৈতিক ষড়যন্ত্ৰও যদি কৰিছে সেয়া অতি নিকৃষ্ট কায়দাৰে কৰিবলৈ যত্ন কৰিছে । বাতৰিটো প্ৰত্যক্ষ কৰাৰ পিচত আমি নিশাটো শুব পৰা নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।